• Home
  • »
  • News
  • »
  • nation
  • »
  • West Bengal: EVM লগত লৈ নিশা ৰাজনৈতিক নেতাৰ ঘৰত কটালে ছেক্টৰ বিষয়াই। তাৰ পাছত কি হ’ল ভোট কেন্দ্ৰত?

West Bengal: EVM লগত লৈ নিশা ৰাজনৈতিক নেতাৰ ঘৰত কটালে ছেক্টৰ বিষয়াই। তাৰ পাছত কি হ’ল ভোট কেন্দ্ৰত?

প্ৰতীকী ফটো

প্ৰতীকী ফটো

হাওৰাত ছেক্টৰ বিষয়াই ৪টা EVM লৈ নিশা কটাইছিল TMC নেতা গৌতম ঘোষৰ ঘৰত। ছেক্টৰ বিষয়াৰ লগতে নিলম্বিত হ’ল আৰক্ষীৰ উপ পৰিদৰ্শকো।

  • Share this:
ভোটকেন্দ্ৰত নহয়, নেতাৰ ঘৰত ওলাল EVM। সোমবাৰে EVM লৈ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছিল ছেক্টৰ বিষয়া। কিন্তু ভোটকেন্দ্ৰ গৈ নাপালে, গৈ পালে এজন নেতাৰ ঘৰ। নেতাৰ ঘৰতে নিশা ৪টা EVM লৈ কটালে ছেক্টৰ বিষয়াজনে। মঙলবাৰে পুৱাই সকলো পোহৰলৈ অহাৰ পিছত নিলম্বিত হ’ল ছেক্টৰ বিষয়াজন।

এই ঘটনা সংঘটিত হৈছে পশ্চিম বংগত। হাওৰাৰ ১৭ নং ছেক্টৰৰ  উলুবেৰিয়া ভোটকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। তৃণমূল কংগ্ৰেছৰ নেতা গৌতম ঘোষৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে EVM ৪টা। এই কাণ্ড কৰা তপন সৰকাৰ নামৰ বিষয়াজন TMC নেতাজনৰ সম্পৰ্কীয় লোক বুলি জানিব পৰা গৈছে।

ঘটনাৰ লগে লগে নিৰ্দ্ধাৰিত  EVM ৪টা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ পৰা প্ৰত্যাহাৰ কৰে নিৰ্বাচনী বিষয়াই। লগে লগে নিলম্বন কৰে ছেক্টৰ বিষয়া তপন সৰকাৰক। নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী উপ পৰিদৰ্শক সুদীপ চক্ৰৱৰ্তীকো কৰে নিলম্বন।

EVM ৪টা গাড়ীৰ ভিতৰত থোৱাটো সুবিধাজনক নহ’ব বুলি ভাবিয়ে হেনো ঘৰৰ ভিতৰলৈ লৈ গৈছিল ছেক্টৰ বিষয়া তপন সৰকাৰে। ধৰা পৰাৰ পিছত আৰক্ষীৰ আগত এই মন্তব্য কৰে তপন সৰকাৰে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি