• Home
  • »
  • News
  • »
  • nation
  • »
  • Koushani Mukherjee: বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নামিছে এইগৰাকী মোহময়ী অভিনেত্ৰী, ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা

Koushani Mukherjee: বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতিৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নামিছে এইগৰাকী মোহময়ী অভিনেত্ৰী, ছচিয়েল মিডিয়াত লাভ কৰিছে ব্যাপক চৰ্চা

ৰাজনীতিয়ে এতিয়া যেন বিভাজন আনিছে অভিনেত্ৰীগৰাকীৰ লভ লাইফলৈ!

ৰাজনীতিয়ে এতিয়া যেন বিভাজন আনিছে অভিনেত্ৰীগৰাকীৰ লভ লাইফলৈ!

ৰাজনীতিয়ে এতিয়া যেন বিভাজন আনিছে অভিনেত্ৰীগৰাকীৰ লভ লাইফলৈ!

  • Share this:
পশ্চিমবংগ বিধানসভা নিৰ্বাচনলৈও মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে শাসকীয় তৃণমূল কংগ্ৰেছক প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ কৌশল অৱলম্বন কৰিছে শক্তিশালী বিজেপিয়ে। কিন্তু তাৰ মাজতে ছচিয়েল মিডিয়াত এগৰাকী অভিনেত্ৰীকলৈ এতিয়া চলিছে ব্যাপক চৰ্চা।



ৰাজ্যখনত বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি মুকুল ৰয়ৰ বিৰুদ্ধে এতিয়া ৰণত নামিছে জনপ্ৰিয় অভিনেত্ৰী কৌশানী মুখাৰ্জী। নিৰ্বাচনৰ ঠিক আগে আগে তৃণমূল কংগ্ৰেছত যোগদান কৰা কৌশানীক ৰাজ্যখনৰ কৃষ্ণনগৰ সমষ্টিত প্ৰাৰ্থীত্ব দিলে মমতা বেনাৰ্জীৰ দলটোৱে। অভিনেত্ৰীগৰাকীয়ে এতিয়া জোৰদাৰ গতিত চলাইছে প্ৰচাৰ অভিযান। আনকি তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে মুকুল ৰয়ৰ ভেঁটিত।



ইফালে ৰাজনীতিয়ে এতিয়া যেন বিভাজন আনিছে অভিনেত্ৰীগৰাকীৰ লভ লাইফলৈ! অভিনেত্ৰী কৌশানীৰ প্ৰেমিক বনী সেনগুপ্তাই ইতিমধ্যে যোগদান কৰিছে বিজেপিত।
Published by:Himangshu Bhuyan
First published: