অভিযুক্ত মহিলা বাৰ ডান্সাৰ কেয়া সৰকাৰক লৈ শুকুৰবাৰে ঘটনাৰ পুননিৰ্মাণ কৰিলে আৰক্ষীয়ে। তদন্তৰ বাবে মৃত লোকজনৰ ডেমি লৈ ৰিক্ৰিয়েট কৰা হ’ল সেই দৃশ্য।
বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰিণতিত প্ৰেমিকক চাৰি মহলাৰ পৰা পেলাই হত্যাৰ অভিযোগ উঠিল এগৰাকী বাৰ ডান্সাৰৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ বাউৰিয়া বুৰিখালী অঞ্চলত। মৃত লোকজনৰ নাম শশীকান্ত মালিক। শশীকাৈন্তৰ পত্নী মামণি মালিকৰ অভিযোগৰ ভিত্তিত বাউৰিয়া আৰক্ষীয়ে অভিযুক্ত বাৰ ডান্সাৰ কেয়া সৰকাৰ ওৰফে মিছ টিনাক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত মহিলা বাৰ ডান্সাৰ কেয়া সৰকাৰক লৈ শুকুৰবাৰে ঘটনাৰ পুননিৰ্মাণ কৰিলে আৰক্ষীয়ে। তদন্তৰ বাবে মৃত লোকজনৰ ডেমি লৈ ৰিক্ৰিয়েট কৰা হ’ল সেই দৃশ্য।
বাউৰিয়া থানাৰ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উলুবেৰিয়া মহকুমা হাস্পতাললৈ প্ৰেৰণ কৰে। বৃহস্পতিবাৰে অভিযুক্ত টিনাক আদালতত হাজিৰ কৰোৱাত ২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
আৰক্ষীৰ সূত্ৰত প্ৰকাশ যে, আমতাৰ মুক্তিৰচকৰ বাসিন্দা মামণিৰ সৈতে ১২ বছৰ পূৰ্বে পেছাত বাৰ ছিংগাৰ ৰাজাপুৰৰ বাসিন্দা শশীকান্তৰ বিয়া হয়। স্থানীয় বাসিন্দাসকলে জনায়, শশীকান্তই আলমপুৰৰ এখন বাৰত গান গায়। সেই বাৰতে বাৰ ডান্সাৰ হিচাপে কাম কৰে কেয়াই। বাৰত একেলগে থকাৰ সুবাদতে বিবাহিত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।
আনহাতে, মামণি মালিকৰ দাবী, বিগত এপ্ৰিল মাহত শশীকান্তই টিনাক লৈ তেওঁলোকৰ ঘৰলৈ আহিছিল। তাৰ পিছৰে পৰা তাতেই আছিল। দুপৰীয়া টিনাৰ কন্যাৰ ফোন পাই ঘৰৰ পৰা ওলাই যায় তেওঁ। ইয়াৰ পিছত নিশা২ বজাত টিনাই ফোনত জনায় যে শশীকান্তই ফ্লেটৰ বাৰান্দাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছে। মামণি মালিকৰ অভিযোগ, টিনাই স্বামীক মদ খাই ঠেলি পেলাই দি হত্যা কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|