• Home
  • »
  • News
  • »
  • nation
  • »
  • চাৰি যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক! প্ৰেমিকৰ ঘৰত একেলগে উপস্থিত চাৰি প্ৰেমিকা, ঘটনা বিষম দেখি বিহপান কৰি আত্মহত্যাৰ চেষ্টা প্ৰেমিকৰ

চাৰি যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক! প্ৰেমিকৰ ঘৰত একেলগে উপস্থিত চাৰি প্ৰেমিকা, ঘটনা বিষম দেখি বিহপান কৰি আত্মহত্যাৰ চেষ্টা প্ৰেমিকৰ

চাৰি প্ৰেমিকাক একেলগে ঘৰত উপস্থিত হোৱা দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰে প্ৰেমিক শুভময়।

চাৰি প্ৰেমিকাক একেলগে ঘৰত উপস্থিত হোৱা দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰে প্ৰেমিক শুভময়।

চাৰি প্ৰেমিকাক একেলগে ঘৰত উপস্থিত হোৱা দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰে প্ৰেমিক শুভময়।

  • Share this:
চাৰি যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক! আৰু সেই সম্পৰ্ক ফাদিল হোৱাত বিহপান কৰি আত্মহত্যাৰ চেষ্টা প্ৰেমিকৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কোচবিহাৰৰ মাথাভাঙাত। যুৱকজন বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে।

মাথাভাঙাৰ ১ নং ব্লকৰ জোৰপাটকি পঞ্চায়তৰ ভুৰকুণ্ডা গাঁৱৰ বাসিন্দা শুভময় কৰ। পেছাত স্থানীয় এখন ঔষধৰ দোকানৰ কৰ্মী। এইজন দুৰন্ত প্ৰেমিক শুভময়ে একেলগে চাৰিগৰাকী যুৱতীক পেলাইছিল প্ৰেমৰ জালত। ইমানদিনে নিৰ্বিঘ্নে চলি আছিল। কিন্তু শুভময়ৰ কীৰ্তিৰ কথা জানিব পাৰি দেওবাৰে বিয়লি একেলগে চাৰিওগৰাকী যুৱতী উপস্থিত হয় প্ৰেমিকৰ ঘৰত। তেওঁলোকৰ ভিতৰত দুগৰাকী ঘোকছাডাঙাৰ বাসিন্দা, এগৰাকী ভাউৰথানা অঞ্চলৰ আৰু এগৰাকীৰ ঘৰত গোলকগঞ্জত।

চাৰি প্ৰেমিকাক একেলগে ঘৰত উপস্থিত হোৱা দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰে প্ৰেমিক শুভময়। উপায়ন্তৰ হৈ বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলায় শুভময় কৰে। ঘটনাৰ প্ৰত্যক্ষদৰ্শী জোৰপাটকি পঞ্চায়ত প্ৰধান কমল কুমাৰ অধিকায়ীৰেয় কয়, ‘‘চাৰি যুৱতীক শুভময়ৰ ঘৰত দেখি আমি প্ৰথমতে ঘটনাটো বুজিব পৰা নাছিলো। ঘটনাস্থলীলৈ গৈ দেখিছিলো চাৰি যুৱতীৰ সৈতে শুভময়ৰ তৰ্ক–বিতৰ্ক আৰম্ভ হৈছে। শুভময়ে তেওঁলোকক শান্ত কৰাৰ চেষ্টা কৰিছিল। তাৰ পিছত হঠাৎ ঘৰৰ ভিতৰলৈ গৈ বিহপান কৰে। তেওঁক লগে লগে হাস্পতাললৈ লৈ যোৱা হয়। চাৰি যুৱতীক বুজাই বঢ়াই ঘৰলৈ পঠিয়াই দিয়া হয়।’’

বৰ্তমান কোচবিহাৰৰ জিলা হাস্পতালত চিকিৎসাধীন শুভময়। মাথাভাঙাৰ আৰক্ষীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত এইপৰ্যন্ত কোনো অভিযোগ অহা নাই। অভিযোগ আহিলে উপযুক্ত ব্যৱস্থা লোৱা হ’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি