মুখ্যপৃষ্ঠা »খবৰ »দেশ »Budget 2023 : ''আয়কৰৰ ফলক সলনি কৰাটোৱে কাকো সহায় নকৰে''- বাজেটক লৈ মমতা বেনাৰ্জী

Budget 2023 : ''আয়কৰৰ ফলক সলনি কৰাটোৱে কাকো সহায় নকৰে''- বাজেটক লৈ মমতা বেনাৰ্জী

''মোক আধা ঘণ্টা সময় দিয়ক মই আপোনাক দেখুৱাম যে কেনেকৈ দুখীয়াৰ বাবে বাজেট প্ৰস্তুত কৰিব পাৰি।"

''মোক আধা ঘণ্টা সময় দিয়ক মই আপোনাক দেখুৱাম যে কেনেকৈ দুখীয়াৰ বাবে বাজেট প্ৰস্তুত কৰিব পাৰি।"

  • Share this:

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) বুধবাৰে দেশৰ সাধাৰণ বাজেট ((Aam Budget 2023) দাখিল কৰে। দৰিদ্ৰ, ধনী আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে এই বাজেটত বহু গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা কৰা হৈছে যদিও প্ৰধান বিৰোধী দলসমূহে বাজেটখনক জনবিৰোধী আৰু হতাশাজনক বুলি অভিহিত কৰিছে।


কেন্দ্ৰীয় বাজেটক “জনবিৰোধী” বুলি অভিহিত কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে কয় যে দৰিদ্ৰ লোকক গুৰুত্ব এই বাজেটে দিয়া নাই।


বীৰভূম জিলাৰ বোলপুৰত চৰকাৰী অনুষ্ঠানত ভাষণ দি তেওঁ দাবী কৰে যে আয়কৰৰ ফলক সলনি কৰাটোৱে কাকো সহায় নকৰে। তেওঁ কয়, ''এই কেন্দ্ৰীয় বাজেট ভৱিষ্যতবাদী নহয়, বৰঞ্চ সম্পূৰ্ণ সুবিধাবাদী, জনবিৰোধী আৰু দৰিদ্ৰবিৰোধী। ইয়াৰ দ্বাৰা একাংশ লোকহে লাভৱান হ’ব। এই বাজেটে দেশৰ নিবনুৱা সমস্যা সমাধানত সহায় নকৰে। বাজেট ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি প্ৰস্তুত কৰা হৈছে।''


এই বাজেটত কোনো আশাৰ আলোক নাইঃ মমতা
বাজেটৰ আঁৰত চৰকাৰক লক্ষ্য কৰি মমতা বেনাৰ্জীয়ে কয়, ‘আয়কৰ ফলকৰ পৰিৱৰ্তনে কাকো সহায় নকৰে। এই বাজেটত আশাৰ কিৰণ নাই– এইখন এখন বেয়া বাজেট৷ মোক আধা ঘণ্টা সময় দিয়ক মই আপোনাক দেখুৱাম যে কেনেকৈ দুখীয়াৰ বাবে বাজেট প্ৰস্তুত কৰিব পাৰি।"

শেহতীয়া বাতৰি