মুখ্যপৃষ্ঠা »খবৰ »দেশ »প্ৰধানমন্ত্ৰীৰ শাৰীৰিক ভংগিমা দেখি ল’ক ডাউন বৃদ্ধি হ’ব যেন লাগিছেঃ মমতা বেনাৰ্জী

প্ৰধানমন্ত্ৰীৰ শাৰীৰিক ভংগিমা দেখি ল’ক ডাউন বৃদ্ধি হ’ব যেন লাগিছেঃ মমতা বেনাৰ্জী

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এখন বৈঠকত মিলিত হয়।

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এখন বৈঠকত মিলিত হয়।

  • Share this:
সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিশেষ ভাবে লক্ষ্য কৰে প্ৰধানমন্ত্ৰীক।

ল’ক ডাউন বৃদ্ধিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত ভাগ লয়। বৈঠকত অধিকাংশ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ল’ক ডাউনৰ ম্যাদ বৃদ্ধি নকৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীক। বৈঠকত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও।

বৈঠকৰ পিছত ল’ক ডাউন সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে কয় যে, ‘ল’ক ডাউন বৃদ্ধি কৰা, নকৰাৰ সিদ্ধান্ত কেন্দ্ৰই ল’ব। যদিও ল’ক ডাউন বৃদ্ধি কৰা বা নকৰাৰ পক্ষত মুখ্যমন্ত্ৰীয়ে যুক্তি দৰ্শাইছে, তাৰ মাজতো কিছু কিছু ক্ষেত্ৰত শিথিল কৰিব লাগিব। কিন্তু প্ৰধানমন্ত্ৰীৰ শাৰীৰিক ভাৱ-ভংগিমা দেখি ল’ক ডাউন বৃদ্ধি হ’ব যেনেই লাগিছে।’

বৈঠকত কোন মুখ্যমন্ত্ৰীয়ে কি ক’লে?

1. ভিডিও কনফাৰেন্সত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই কেন্দ্ৰৰ যি সিদ্ধান্ত সেয়া মানি লোৱাৰ কথা উল্লেখ কৰে।

2.পুডুচেৰীৰ মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামীয়ে ৰাজ্যসমূহৰ কোৰোণা যোদ্ধাৰ কাৰণে ব্যক্তিগত সুৰক্ষা উপকৰণ (PPE) আৰু অন্য চিকিৎসাৰ সৰঞ্জাম প্ৰদান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ হস্তক্ষেপ দাবী কৰে। তেওঁ তিনি মে’ত ল’কডাউন শেষ হোৱাৰ পিছত উদ্যোগসমূহ পুনৰ আৰম্ভ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। কোভিড ১৯ৰ সৈতে যুঁজিবলৈ তেওঁ কেন্দ্ৰৰ পৰা বিত্তীয় সাহাৰ্যও বিচাৰে।

3. মেঘালয়ৰ মুখ্যমন্ত্ৰী কোনৰাড চাংমাই তিনি মে’ৰ পিছতো ল’কডাউন জাৰি ৰখাৰ পোষকতা কৰে। আন্তঃৰাজ্যিক আৰু আন্তঃজিলা গতি বিধি নিষেধ ৰখাৰো তেওঁ দাবী কৰে।

4. হিমাচলৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে ল’কডাউ অব্যাহত ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে। তেওঁ কোৰোণাৰ সংক্ৰমণৰ সৈতে যুঁজাৰ ক্ষেত্ৰত এই প্ৰসংগ উল্লেখ কৰে।

5. তামিলনাডুৰ মুখ্যমন্ত্ৰী পলানীস্বামীয়ে কোৰোণা ভাইৰাছৰ কাৰণে ল’কডাউনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভিডিও কনফাৰেন্সত অংশ লয় আৰু নিজৰ ৰাজ্যৰ খতিয়ান তুলি ধৰে।

6. দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো এই বৈঠকত উপস্থিত থাকে। তেওঁ দিল্লীত কোৰোণাৰ সংক্ৰমণ ঠিক হোৱাৰ হাৰ আৰু ল’কডাউন পালন কৰাৰ প্ৰসংগত প্ৰতিবেদন দাখিল কৰে। তেওঁ ল’কডাউনক লৈ কেন্দ্ৰৰ পৰৱৰ্তী সিদ্ধান্ত স্বীকাৰ কৰি লোৱাৰ কথা কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০মাৰ্চৰ প্ৰথম বৈঠকত কোৰোণা ভাইৰাছৰ নিয়ন্ত্ৰণ, চিকিৎসা তথা প্ৰাথমিক ভেঁটিৰ উন্নয়ন আৰু স্বাস্থ্য সেৱাৰ প্ৰশিক্ষণৰ কাৰণে ৰাজ্যসমূহে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। ইয়াৰ পিছত ২ এপ্ৰিলত কমেও ৮খন ৰাজ্যই ল’কডাউনক লৈ এগজিট প্লেনৰ ৰণনীতি আলোচনা কৰিছিল। সেইদৰে ১১ এপ্ৰিলত তৃতীয়খন বৈঠকত কমেও ১৩জন মুখ্যমন্ত্ৰীয়ে ল’কডাউন বৃদ্ধিৰ প্ৰস্তাৱ দিছিল প্ৰধানমন্ত্ৰীক।

শেহতীয়া বাতৰি