বিদ্যাসাগৰৰ ফটো আঁতৰাই ‘জয় হিন্দ–জয় বাংলা’! মমতাই সলালে ফেচবুক–টুইটাৰৰ প্ৰফাইল ফটো

নিজৰ টুইটাৰ আৰু ফেচবুকত মমতাই মহান মনীষীসকলৰ ফটোৰ ক’লাজ ব্যৱহাৰ কৰিছে। সেই প্ৰফাইল ফটোত লিখা আছে ‘জয় হিন্দ–জয় বাংলা’।

news18assam
Updated:June 3, 2019, 11:50 AM IST
বিদ্যাসাগৰৰ ফটো আঁতৰাই ‘জয় হিন্দ–জয় বাংলা’! মমতাই সলালে ফেচবুক–টুইটাৰৰ প্ৰফাইল ফটো
নিজৰ টুইটাৰ আৰু ফেচবুকত মমতাই মহান মনীষীসকলৰ ফটোৰ ক’লাজ ব্যৱহাৰ কৰিছে। সেই প্ৰফাইল ফটোত লিখা আছে ‘জয় হিন্দ–জয় বাংলা’।
news18assam
Updated: June 3, 2019, 11:50 AM IST
কিছুদিন পূৰ্বে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ সংঘাতত ভাঙি গৈছিল পশ্চিম বংগৰ বিদ্যাসাগৰ কলেজত থকা বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি। উক্ত দিনা কলকাতাত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নিৰ্বাচনী সভা। সেই নিৰ্বাচনী সভাৰ পৰাই সূত্ৰপাত হৈছিল ঘটনাৰ। সেইদিনাৰ পৰা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছচিয়েল মিডিয়াত সলনি কৰিছিল প্ৰফাইল ফটো। বিদ্যাসাগৰৰ ফটো নিজৰ ফেচবুক আৰু টুইটাৰত প্রফাইল ফটো হিচাপে ৰাখিছিল মমতাই।

 



এতিয়া মমতাই সলনি কৰিছে বিদ্যাসাগৰৰ ফটো। নিজৰ টুইটাৰ আৰু ফেচবুকত মমতাই মহান মনীষীসকলৰ ফটোৰ ক’লাজ ব্যৱহাৰ কৰিছে। সেই প্ৰফাইল ফটোত লিখা আছে ‘জয় হিন্দ–জয় বাংলা’। মমতাই ‘জয় শ্ৰীৰাম’ শ্লোগানক লৈ আপত্তি ক’ত সেয়া ফেচবুকত প্ৰকাশ কৰাৰ পিছতে সলনি কৰে নিজৰ প্ৰফাইল ফটো। মমতাৰ ফটোত আছে ‘জয় হিন্দ–জয় বাংলা’।

আৰু চাওক পৰৱৰ্তী বাতৰি