‘আপুনি সৌভাগ্যৱান যে, আপোনাক ঠেলা–হেঁচাৰ বাদে অন্য একো নকৰিলে’– যুৱতীক উদ্দেশ্যি এই মন্তব্য বিজেপি সভাপতিৰ

News18 Assam | News18-Assam
Updated:January 31, 2020, 4:33 PM IST
‘আপুনি সৌভাগ্যৱান যে, আপোনাক ঠেলা–হেঁচাৰ বাদে অন্য একো নকৰিলে’– যুৱতীক উদ্দেশ্যি এই মন্তব্য বিজেপি সভাপতিৰ
Source-Google

যুৱতীগৰাকীৰ অভিযোগ, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত বিজেপি কৰ্মীয়ে তেওঁক অশ্লীল ভাষা প্ৰয়োগ কৰি ঠেলা–হেঁচা কৰিলে

  • Share this:
দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। পশ্চিমবংগত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ সময়ত এগৰাকী যুৱতীক বিজেপি কৰ্মীয়ে অসৎ আচৰণ কৰাৰ লগতে ঠেলা–হেঁচা কৰাৰ অভিযোগ উত্থাপিত হৈছে। যুৱতীগৰাকীয়ে ৰাজহুৱাকৈ এই কথা প্ৰকাশ কৰাৰ পিছত, পশ্চিম বংগ বিজেপিৰ সভাপতিয়ে কৰিছে এক আপত্তিজনক মন্তব্য।

যুৱতীগৰাকীক উদ্দেশ্যি দিলীপ ঘোষে কয় যে, ‘আপুনি সৌভাগ্যৱান, ঠেলা–হেঁচাৰ বাদে তেওঁলোকে আপোনাৰ লগত অন্য একো নকৰিলে, গতিকে তেওঁলোকক ধন্যবাদ জনাওক।’ বিজেপিৰ সভাপতি জনৰ এই মন্তব্যৰ পিছতে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি