মঙলবাৰে পানমছলা আৰু গুটখা উৎপাদন আৰু বিক্ৰী এবছৰৰ বাবে নিষিদ্ধ কৰিছে। পশ্চিমবংগ চৰকাৰে আৰোপ কৰে এই নিষেধাজ্ঞা। ৭ নৱেম্বৰৰ পৰা পৰৱৰ্তী এবছৰলৈ নিষেধাজ্ঞা কাৰ্যকৰী হ'ব বুলি চৰকাৰী আদেশত কোৱা হৈছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা এক জাননী অনুসৰি সাধাৰণ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।
মমতা বেনাৰ্জী চৰকাৰে ২০১৯ চনত প্ৰথমবাৰৰ বাবে গুটখা, পান আৰু অন্যান্য ধঁপাতজাত সামগ্ৰী নিষিদ্ধ কৰিছিল। এতিয়া ৭ নৱেম্বৰ ২০২১ৰ পৰা ৬ নৱেম্বৰ ২০২২লৈ পশ্চিম বংগ ৰাজ্যৰ যিকোনো খাদ্য সামগ্ৰীৰ উপাদান হিচাপে ধঁপাত আৰু নিকোটিন (গুটখা, পান মচলা)ৰ নিৰ্মাণ, সঞ্চয় আৰু বিতৰণৰ ওপৰত নিষেধাজ্ঞা থাকিব।
উল্লেখ্য, ইয়াৰ আগতে ছেপ্টেম্বৰত হাৰিয়ানাত গুটখা আৰু পানমছলাৰ ওপৰত নিষেধাজ্ঞা আৰু ১ বছৰৰ বাবে বৃদ্ধি কৰা হৈছিল। হাৰিয়ানাত গুটখা আৰু পান মচলাৰ উৎপাদন আৰু বিতৰণ এবছৰলৈকে নিষিদ্ধ থাকিব। আনহাতে, দিল্লীয়ে যোৱা বছৰ ধঁপাত আৰু ধঁপাতজাত সামগ্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।