মুখ্যপৃষ্ঠা »খবৰ »দেশ »‘বিজেপিয়ে যদি বিচাৰে মোৰ চৰকাৰ বৰ্খাস্ত কৰক’ CAAৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গৃহীত কৰাৰ পিছত মমতা বেনাৰ্জীৰ মন্তব্য

‘বিজেপিয়ে যদি বিচাৰে মোৰ চৰকাৰ বৰ্খাস্ত কৰক’ CAAৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গৃহীত কৰাৰ পিছত মমতা বেনাৰ্জীৰ মন্তব্য

Source-Google

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গৃহীত কৰা চতুৰ্থ খন ৰাজ্য হিচাপে পৰিগণিত হ’ল পশ্চিম বংগ।

  • Share this:
দেশজুৰি আজিও অব্যাহত আছে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। বহু কেইখন ৰাজ্য চৰকাৰেও এই আইনখন বিৰোধ কৰি বিধানসভাত গৃহীত কৰিছে  প্ৰস্তাৱ।

কেৰেলা, পঞ্জাৱ, ৰাজস্থানৰ পিছত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গৃহীত কৰা চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হ’ল পশ্চিম বংগ। প্ৰস্তাৱ গৃহীত কৰি মমতা বেনাৰ্জীয়ে কয় যে, ‘ দেশক ৰক্ষা কৰাৰ সময় আহিল। নাগৰিকত্ব সংশোধনী আইন সম্পূৰ্ণ ৰূপে জনবিৰোধী। গতিকে এইখন আইন বাতিল হ’ব লাগে।’ এনে সংবিধান বিৰোধী আইন দেশৰ বাবে বিপদজনক বুলিও মন্তব্য আগবঢ়াই পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।’

শেহতীয়া বাতৰি