মুখ্যপৃষ্ঠা »খবৰ »দেশ »নিৰ্বাচনী প্ৰচাৰৰ সময়ত দুৰ্বৃত্তৰ আক্ৰমণ! হাস্পতালৰ বিচনাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

নিৰ্বাচনী প্ৰচাৰৰ সময়ত দুৰ্বৃত্তৰ আক্ৰমণ! হাস্পতালৰ বিচনাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

নান্দীগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বুধবাৰে আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে, তেওঁক আক্ৰমণৰ সময়ত তেওঁৰ কাষত নাছিল এগৰাকীও আৰক্ষী অধীক্ষক বা স্থানীয় আৰক্ষী।

  • Share this:
নণ্ডিগ্ৰামত নিৰ্বাচনী প্ৰচাৰৰ সময়তে বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ কৰে কোনো অচিনাক্ত দুৰ্বৃত্তই। অভিযোগ কৰা হৈছে যে, একাংশ লোকে  মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰলৈ আহি ঠেলা হেঁচা কৰে আৰু তেওঁ মাটিত পৰি যায়। ইয়াৰ পিছতে শৰীৰৰ ভিন্ন অংশত আঘাতপ্ৰাপ্ত হয় মমতা বেমাৰ্জী।

বুধবাৰে নিশাই এছএছকেএম চিকিৎসালয়ত মমতা বেনাৰ্জীক এক্স-ৰে কৰোৱা হয়। চিকিৎসকৰ মতে, মমতা বেনাৰ্জীৰ সোঁ ভৰিখন ফুলি আছে আৰু গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈছে। তেওঁ বুকুৰ বিষ অনুভৱ কৰাৰ লগতে শ্বাস-প্ৰশ্বাসত অসুবিধা সন্মুখীন হ'বলগীয়া হৈছে। আগন্তুক নিৰ্বাচনৰ বাবে আজি তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰাৰ কথা আছি যদিও মমতা বেনাৰ্জীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতে ইস্তাহাৰ মুকলি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে।

প্ৰাপ্ত তথ্য অনুসৰি, মমতা বেনাৰ্জীয়ে বাওঁ ভৰিৰ গোৰোহাত গুৰুতৰভাৱে আঘাত পাইছে। একে সময়তে ভৰিখনত আঘাতৰ চিনো দেখিবলৈ পোৱা গৈছে । আনফালে সোঁ কান্ধৰ লগতে হাতৰ গাঠি আৰু ডিঙিতো কিছু পৰিমাণে  আঘাতপ্ৰাপ্ত হোৱাৰ তথ্য প্ৰাথমিক অনুসন্ধানত লাভ কৰা হৈছে। যাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পৰৱৰ্তী ৪৮ ঘণ্টাৰ বাবে বিশেষ নিৰীক্ষণত ৰখা হ'ব বুলি উল্লেখ কৰিছিল এছএছকেএম চিকিৎসালয়ৰ চিকিৎসক এম বেনাৰ্জীয়ে।

মমতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এটা পাঁচগৰাকী জ্যেষ্ঠ চিকিৎসকৰ দল গঠন কৰা হৈছে। ইয়াৰে এগৰাকী জ্যেষ্ঠ চিকিৎসকে জনায় যে,  'বাওঁ ভৰি এক্স-ৰে কৰা হৈছে। আমি এমআৰআইও কৰিব বিচাৰিছিলো। তেওঁৰ আঘাতৰ মূল্যায়ন কৰাৰ পিছতহে চিকিৎসাৰ পৰৱৰ্তী পদক্ষেপ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা  হ'ব।'

ইপিনে মমতা বেনাৰ্জীৰ স্বাস্থ্যৰ খবৰ ল'বলৈ বুধবাৰে নিশাই এছএছকেএম চৰকাৰী চিকিৎসালয়ত উপস্থিত হয় ৰাজ্যখনৰ ৰাজ্যপাল ধনখৰ ঘায়াল।  সেই সময়তে চিকিৎসালয়ত উপস্থিত থকা শতাধিক তৃণমূল কৰ্মীয়ে ৰাজ্যপালৰ আগমনৰ বিৰোধিতা কৰি "উভতি যাওক" বুলি চিঞৰিবলৈ আৰম্ভ কৰে। ইতিমধ্যে ৰাজ্যপালে এই ঘটনাৰ সন্দৰ্ভত প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰিছে |

অন্যহাতে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে অভিযোগ কৰিছিল যে, চাৰিৰ পৰা পাঁচজন লোকে ইচ্ছাকৃতভাৱে তেওঁক ঠেলা হেঁচা কৰাৰ সময়ত এগৰাকীও স্থানীয় আৰক্ষী বা এছ পি তেওঁৰ কাষত উপস্থিত নাছিল, যাৰ বাবে তেওঁ আঘাত প্ৰাপ্ত হয়।

শেহতীয়া বাতৰি