পশ্চিম বংগ চৰকাৰে সোমবাৰে ৭ জুনত Covid-19 মহামাৰীৰ বাবে দশম শ্ৰেণী, দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা ২০২১ (West Bengal Board of Secondary Education) বাতিল কৰে।
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে পশ্চিম বংগ ব'ৰ্ড পৰীক্ষা ২০২১ ৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰিব। মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবে ৰাজ্যিক পৰিষদৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে নে নালাগে তাৰ পৰামৰ্শ দিবলৈ সমিতিখন গঠন কৰা হৈছিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেইবাটাও টুইটৰ জৰিয়তে কৈছিল, "আমাৰ সন্তানৰ ভৱিষ্যত আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ। এই ক্ষেত্ৰত, আমি ২০২১ চনত দশম আৰু দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে এক বিশেষজ্ঞ সমিতি গঠন কৰিছো।" ইয়াৰ পিছতে আজি পৰীক্ষা বাতিল কৰাৰ চূড়ান্ত সিদ্ধান্ত জনোৱা হয়।
উল্লেখ্য যে CBSEৰ পৰীক্ষা বাতিলৰ পিছত দেশৰ কেইবাখনো ৰাজ্যই দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিন্ধান্ত লৈছে। পণ্ডীচেৰী চৰকাৰেও দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিন্ধান্ত লৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|