বিয়াৰ পৰা কোৰোণাৰ সৰ্ববৃহৎ সংক্ৰমণ, দুদিন পিছতে দৰাৰ মৃত্যু, সংক্ৰমিত ১১১জন লোক

News18 Assam | News18-Assam
Updated:July 1, 2020, 11:27 AM IST
বিয়াৰ পৰা কোৰোণাৰ সৰ্ববৃহৎ সংক্ৰমণ, দুদিন পিছতে দৰাৰ মৃত্যু, সংক্ৰমিত ১১১জন লোক
এখন বিয়াৰ পৰা সংক্ৰমণৰ আটাইতকৈ ভয়ংকৰ ঘটনা।

এখন বিয়াৰ পৰা সংক্ৰমণৰ আটাইতকৈ ভয়ংকৰ ঘটনা।

  • Share this:
কোৰোণাৰ সংক্ৰমণৰ এই সময়চোৱাতো দেশৰ বিভিন্ন প্ৰান্তত বিয়া বন্ধ হোৱা নাই। লকডাউনৰ আৰম্ভনিতে এখন–দুখন বিয়াৰ খবৰ ওলাইছিল তাকো অনলাইনত হৈছিল বিয়া।

কিন্তু আনলক–১ৰ পিছত ৮জুনৰ পৰা ৫০জন অতিথিসহ বিয়াৰ কাৰণে অনুমতি দিয়া হ’ল। লগে লগে লুকাই–চুৰকৈ হ’লেও বিভিন্ন ঠাইত বিয়া হ’বলৈ ধৰিলে। প্ৰশ্ন কৰিলে আয়োজকে কয় ৫০জনতকৈ কম লোকক নিমন্ত্ৰণ দিয়া হৈছিল।

বিহাৰৰ পাটনাৰ এনে এখন বিয়াই এতিয়া দেশজুৰি বাতৰিৰ শিৰোনাম দখল কৰিছে। পাটনাৰ পালিগঞ্জৰ এখন বিয়া সমাৰোহৰ দুদিন পিছতে দৰাৰ মৃত্যু হোৱাৰ লগতে এই বিয়াৰ সৈতে সম্পৰ্কিত মুঠ ১১১জন লোক কোৰোণাৰ দ্বাৰা সংক্ৰমিত পোৱা গৈছে।

সংক্ৰমিত হোৱা লোকসকল বিয়া হোৱা ঠাইৰ বাসিন্দা বা বিয়া আয়োজনৰ অংশ আছিল। আনকি বিয়াত অংশ লোৱা ব্যক্তিসকলৰ সংস্পৰ্শলৈ অহা লোকো কোৰোণাৰ দ্বাৰা আক্ৰান্ত হৈছে। বিয়াত মিঠাই প্ৰস্তুত কৰাজন, ফটোগ্ৰাফাৰ, এলেকাৰ দোকানী, পাচলি বিক্ৰেতা সকলো সংক্ৰমিত হৈছে।

১৫জুনত হোৱা এই বিয়াৰ দুদিন পিছতে পেটৰ বিষত জৰ্জৰ দৰাৰ পাটনাৰ এইমছলৈ নিয়াৰ সময়তে মৃত্যু হয়। দৰাৰ পিতৃক আইছ’লেট কৰা হৈছে। তেওঁ জনোৱা মতে এইমছৰ গেটত ড্ৰাইভাৰে চাবিপাত ঘুৰাই গাড়ীখন বন্ধ কৰাৰ সময়তে পুত্ৰৰ মৃত্যু হয়। হাস্পতালত ল’ৰাটোক মৃত বুলি কোৱা হয়।

দৰাৰ মৃত্যুৰ পিছতে অঞ্চলৰ বাসিন্দাৰ মাজত অজান আতংকৰ সৃষ্টি হয়। গুৰগাঁৱত অভিযন্তা দৰা যোৱা ২৩মে’ত গাড়ীৰে ঘৰলৈ আহিছিল। কোৰোণাত আক্ৰান্ত হৈ দৰাৰ মৃত্যু হোৱাৰ বাতৰিৰ পিছতে একাংশ লোকে প্ৰকাশ কৰিছে যে গা বেয়া হ’বলৈ আৰম্ভ কৰা দৰাৰ ঘৰৰ পৰিয়ালে জৰা–ফুঁকা কৰিছিল ঠিক কৰিবলৈ। আশংকাত ত্ৰস্তমান অঞ্চলবাসীয়ে নিজে মেডিকেলৰ দল মাতে। ইয়াৰ পিছতে ইজনৰ পিছত সিজন সংক্ৰমিত পোৱা হয়। অঞ্চলটো কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হয়। ১১১জন সংক্ৰমিত হৈছে আৰু বহুতৰ পৰীক্ষা বাকী আছে।

ইফালে দৰাৰ মৃত্যুৰ পিছত কোৰোণাৰ ৰিপ’ৰ্ট নোপোৱাত ক্ষোভ পৰিয়াল আৰু অঞ্চলবাসীৰ। আনলকৰ নিয়ম উলংঘা কৰি পতা বিয়াখনৰ পৰা আৰু বহুসংখ্যক লোক আক্ৰান্ত হোৱাৰ আশংকা ঘনীভূত হৈছে।
First published: July 1, 2020, 11:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading