• Home
  • »
  • News
  • »
  • nation
  • »
  • Today's Weather Update: প্ৰচণ্ড শীতৰ লহৰত কঁপিছে দিল্লী, অৰেঞ্জ এলাৰ্ট জাৰি, অসমসহ উত্তৰ পূৱ কুঁৱলীয়ে ঢকাৰ সকীয়নি

Today's Weather Update: প্ৰচণ্ড শীতৰ লহৰত কঁপিছে দিল্লী, অৰেঞ্জ এলাৰ্ট জাৰি, অসমসহ উত্তৰ পূৱ কুঁৱলীয়ে ঢকাৰ সকীয়নি

দিল্লী আৰু আশে পাশে এলেকাত  শীত প্ৰৱাহৰ কাৰণে পাৰাস্তম্ভ ৩ ডিগ্ৰী চেলছিয়াছলৈ নামিছে।

দিল্লী আৰু আশে পাশে এলেকাত শীত প্ৰৱাহৰ কাৰণে পাৰাস্তম্ভ ৩ ডিগ্ৰী চেলছিয়াছলৈ নামিছে।

দিল্লী আৰু আশে পাশে এলেকাত শীত প্ৰৱাহৰ কাৰণে পাৰাস্তম্ভ ৩ ডিগ্ৰী চেলছিয়াছলৈ নামিছে।

  • Share this:
নতুন দিল্লীঃ উত্তৰ ভাৰতত শীতলহৰৰ কাৰণে শীত আৰু অধিক হোৱা দেখা গৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) তথ্য মতে মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লীত প্ৰচণ্ড শীতৱাহ চলিছে। আজি তাপমাত্ৰা ২ডিগ্ৰীলৈকে নামিব পাৰে। দিল্লীত শীতৰ লহৰৰ কাৰণে বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ড কুঁৱলীৰো আশংকা ব্যক্ত কৰিছে।

ইয়াৰ লগতে বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৱৰ অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰত কুঁৱলীৰ ডাঠ আচ্ছাদনৰ সকীয়নি দিছে। আনহাতে ৰাজস্থানত পাৰাস্তম্ভ মাইনাছৰ তললৈ গৈছে। সেইদৰে চিমলাত তাপমাত্ৰা ফ্ৰীজিং পইণ্টৰ তললৈ গৈছে। হাৰিয়ানাৰ নাৰনলত এতিয়া চিমলাতকৈও অধিক ঠাণ্ডা।
First published: