পশ্চিম বংগত ৪২খন আসনেই পাম, বিৰোধীয়ে নিশ্চিত কৰিব প্ৰধানমন্ত্ৰীঃ মমতা বেনাৰ্জী

অমিত শ্বাহৰ পশ্চিম বংগত ২৩ খনতকৈ অধিক আসন জয়ী হোৱাৰ মন্তব্য সন্দৰ্ভত মমতা বেনাৰ্জীৰ মন্তব্য– তেওঁলোকে এখনো আসনত জয়ী হ’ব নোৱাৰে। তেওঁলোকে কি ভাৱে যি তেওঁলোকে ভাবিব সেইটোৱেই সঁচা হৈ যাব নেকি?

Dulu Medhi | news18assam
Updated:April 18, 2019, 8:31 PM IST
পশ্চিম বংগত ৪২খন আসনেই পাম, বিৰোধীয়ে নিশ্চিত কৰিব প্ৰধানমন্ত্ৰীঃ মমতা বেনাৰ্জী
মমতা বেনাৰ্জী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী
Dulu Medhi | news18assam
Updated: April 18, 2019, 8:31 PM IST
লোকসভা নিৰ্বাচনৰ প্ৰতিটো দলৰ বিশেষ দৃষ্টি আছে পশ্চিমবংগৰ ওপৰত। ইয়াত ৪২টা লোকসভা আসনৰ ওপৰত বিজেপিয়ে চকু ৰাখি থৈছে, কিন্তু TMCৰ অধ্যক্ষ আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মতে তেওঁ এখনো আসনত পৰাজয় নহয়। নেটৱৰ্ক১৮ৰ এডিটৰ–ইন–চীফ ৰাহুল যোশীৰ সৈতে বিশেষ সাক্ষাৎকাৰৰ জৰিয়তে ক’লে যে পশ্চিম বংগত আমি ৪২খনৰ ৪২খন আসনেই লাভ কৰিম।

মমতা বেনাৰ্জীয়ে ক’ল যে, বিজেপিক মূল বিৰোধী বুলি কেনেকৈ মানিম য’ত তেওঁলোকে বংগৰ পৰা লোকসভাৰ ২খন আসন আৰু বিধানসভাত ৩খনহে আসন আছে। মমতাই ক’লে যি কি নহওক সপোন দেখক তেওঁলোকে, কিন্তু প্ৰকৃত কথাটো অন্য এটাহে। ‘তেওঁলোকে মিছা কথা কয় জনতাক আভুৱা ভাৰি আছে।’– উদাত্ত কণ্ঠেৰে এই মন্তব্য কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

মমতাই ক’লে পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ ফলাফলে চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। ইয়াৰ লগতে তেওঁ ক’লে যে, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু তামিলনাডু এনেকুৱা ৰাজ্য হ’ব য’ত বিজেপিয়ে এখনো আসনত জয়ী নহ’ব। লগতে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো বিজেপিৰ আসনৰ শতাংশ ৬০–৪০ৰ মাজত হ’ব।

অমিত শ্বাহৰ পশ্চিম বংগত ২৩খনতকৈ অধিক আসন জয়ী হোৱাৰ মন্তব্য সন্দৰ্ভত মমতা বেনাৰ্জীৰ মন্তব্য– তেওঁলোকে এখনো আসনত জয়ী হ’ব নোৱাৰে। তেওঁলোকে কি ভাৱে যি তেওঁলোকে ভাবিব সেইটোৱেই সঁচা হৈ যাব নেকি?

‘আমাৰ দল সদায় ৩ নম্বৰত থাকে। যদি আপুনি শাসনাধিষ্ঠ দলো জড়িত হয় তেন্তে আমি ৪ নম্বৰত আছো। আমি নিশ্চিতভাৱে আমি পুনৰ ৩ নম্বৰৰ স্থানটোৱে লাভ কৰিম, নিৰ্বাচন শেষ হোৱাৰ পিছতহে এই সিদ্ধান্ত আলোচনা মৰ্মে লোৱা হ’ব।’– পৰৱৰ্তী প্ৰধানমন্ত্ৰী সন্দৰ্ভত নেটৱৰ্ক১৮ৰ এডিটৰ–ইন–চীফ ৰাহুল যোশীয়ে প্ৰশ্ন কৰাত মমতা বেনাৰ্জীয়ে ক’লে এই কথা।

 
আৰু চাওক পৰৱৰ্তী বাতৰি