'আপোনাক সদায় মিছ কৰিম':মন্ত্ৰীসভাত সুষমা স্বৰাজ নথকাক লৈ ৰাইজৰ মন্তব্য

টুইটাৰত আটাইতকৈ সক্ৰিয়ৰূপত আতুৰত পৰা লোকক সহায় কৰা প্ৰাক্তন বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীৰ মন্ত্ৰীসভাত অনুপস্থিতিক লৈ ছচিয়েল মিডিয়াত দুখ প্ৰকাশ কৰি অসংখ্যজনৰ পোষ্ট।

news18assam
Updated:May 31, 2019, 4:59 PM IST
'আপোনাক সদায় মিছ কৰিম':মন্ত্ৰীসভাত সুষমা স্বৰাজ নথকাক লৈ ৰাইজৰ মন্তব্য
টুইটাৰত আটাইতকৈ সক্ৰিয়ৰূপত আতুৰত পৰা লোকক সহায় কৰা প্ৰাক্তন বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীৰ মন্ত্ৰীসভাত অনুপস্থিতিক লৈ ছচিয়েল মিডিয়াত দুখ প্ৰকাশ কৰি অসংখ্যজনৰ পোষ্ট।
news18assam
Updated: May 31, 2019, 4:59 PM IST
দ্বিতীয়টো কাৰ্যকালৰ কাৰণে কঁকালত টঙালি বান্ধিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে। বৃহস্পতিবাৰে শপতগ্ৰহণ অনুষ্ঠানত দেখা গ’ল বহুকেইখন পুৰণি মুখৰ কেবিনেটলৈ প্ৰত্যাৱৰ্তন। কিন্তু ইয়াৰ মাজত কেইনাজনো জ্যেষ্ঠ নেতাৰ অনুপস্থিতি আছিল লক্ষ্যণীয়। সকলোতকৈ সৰৱ চৰ্চা হৈছে জ্যেষ্ঠ নেত্ৰী সুষমা স্বৰাজৰ মন্ত্ৰীসভাত অনুপস্থিতি। নতুন আৰু পুৰণিৰ সংমিশ্ৰনত গঠন কৰা মোদী মন্ত্ৰীসভাত সুষমা স্বৰাজ বাদ পৰাক লৈ দুঃখিত বহুসংখ্যক অনুৰাগী। সুষমা স্বৰাজ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৈ থাকোতে এটা মাত্ৰ টুইটৰ জৰিয়তে আহ্বান জনোৱাৰ পিছতে আতুৰত পৰা বহু লোকক সহায় কৰি থৈছে সুষমা স্বৰাজে। ইণ্টাৰনেটৰ সু ব্যৱহাৰ কৰি মানুহে যেতিয়াই সঁচা বিপদত তেওঁক সহায় বিচাৰিছিল তেতিয়াই সুষমা স্বৰাজে তেওঁলোকক বিমুখ কৰা নাছিল।

কেবিনেটৰ পৰা বিদায় লোৱাৰ সময়ত ছচিয়েল মিডিয়াত বিভিন্নজনে সুষমা স্বৰাজক ধন্যবাদ সহ বিদায় জনালে।



টুইটাৰত আবেগিক মুহূৰ্ত প্ৰকাশ কৰিলে বহুতেই
















সুষমা স্বৰাজৰ স্বামীয়ে যেতিয়া কৈছিল–ধন্যবাদ আৰু নিৰ্বাচন খেলিব নালাগে!: https://assam.news18.com/news/nation/madam-you-have-decided-not-to-contest-elections-thank-you-very-much-for-it-swaraj-kaushal-12743.html
আৰু চাওক পৰৱৰ্তী বাতৰি