মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই অভিযোগ কৰে যে কোনেও মুদ্ৰাস্ফীতিৰ বিষয়ে কোৱা নাই, কিন্তু সকলোৱে হন্দুত্বৰ কথা কয়।
মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই অভিযোগ কৰে যে কোনেও মুদ্ৰাস্ফীতিৰ বিষয়ে কোৱা নাই, কিন্তু সকলোৱে হন্দুত্বৰ কথা কয়।
"বিজেপি (BJP)ৰ সৈতে মিত্ৰতাৰ বাবে আমি আমাৰ ২৫ বছৰ নষ্ট কৰিলোঁ, তেওঁলোক হৈছে আটাইতকৈ বেয়া। আগতে আমাৰ সৈতে থকা ভুৱা 'হিন্দুত্ব' (Hindutva) দলটোৱে দেশখনক নৰকলৈ লৈ গৈছে।"আজি মুম্বাইত মহাৰাষ্ট্ৰ (Maharashtra)ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে (Udhav Thackeray)ই এইদৰে বিজেপিক থকাসৰকা কৰে।
মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই অভিযোগ কৰে যে কোনেও মুদ্ৰাস্ফীতিৰ বিষয়ে কোৱা নাই, কিন্তু সকলোৱে হন্দুত্বৰ কথা কয়।
তেওঁ আৰু কয়, "আমাৰ 'হিন্দুত্ব' হৈছে 'গদাধাৰী'। ৰাহুল ভাট (Rahul Bhat)ক জম্মু-কাশ্মীৰত কাৰ্যালয়ত সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে, এতিয়া আপুনি (বিজেপি) কি কৰিব? আপুনি তাত হনুমান চালিচা (Hanuman Chalisa) পঢ়িব নেকি?"
মুম্বাইত আজি শিৱ সেনা (Shiv Sena) দলৰ শিৱ সম্পৰ্ক অভিযান সমাৱেশত ভাষণ দি উদ্ধৱ থাকৰেই বিজেপিক সমালোচনাৰে থকাসৰকা কৰে। বিজেপিয়ে দেশখনক বিপথে পৰিচালিত কৰা বুলি অভিযোগ কৰে উদ্ধৱ থাকৰেই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|