‘চাৰি কন্যাৰ পিছত পুত্ৰ সন্তান পাবলৈ তিনি বছৰ প্ৰাৰ্থনা কৰিছিলো আমি’ – মুখ খুলিলে সুশান্তৰ পিতৃয়ে

News18 Assam | News18-Assam
Updated:June 26, 2020, 10:54 AM IST
‘চাৰি কন্যাৰ পিছত পুত্ৰ সন্তান পাবলৈ তিনি বছৰ প্ৰাৰ্থনা কৰিছিলো আমি’ – মুখ খুলিলে সুশান্তৰ পিতৃয়ে
'সুশান্তৰ ওপৰত কোনো পাৰিবাৰিক চাপ নাছিল। কোনোদিনে কোনো কথাত জোৰ কৰা নাই সুশান্তক।'

'সুশান্তৰ ওপৰত কোনো পাৰিবাৰিক চাপ নাছিল। কোনোদিনে কোনো কথাত জোৰ কৰা নাই সুশান্তক।'

  • Share this:
পিতৃ–মাতৃৰ অত্যন্ত আদৰৰ আছিল সুশান্ত সিং ৰাজপুত। চাৰি ভগ্নীৰ মাজত একমাত্ৰ কনিষ্ঠ ভাতৃ, পৰিয়ালৰ একমাত্ৰ পুত্ৰ – সুশান্ত সিং ৰাজপুত। চাৰিগৰাকী কন্যাৰ জন্মৰ পিছত এটি পুত্ৰ সন্তান পাবলৈ তিনি বছৰ ধৰি প্ৰাৰ্থনা কৰিছিল পিতৃ–মাতৃয়ে। দেৱ–দেৱীৰ ধামত পূজা কৰিছিল। তাৰ পিছতে কোলালৈ আহিছিল সুশান্ত।

অভিনেতাজনৰ মৃত্যুৰ পিছত প্ৰথমবাৰলৈ মুখ খুলি এই কথা প্ৰকাশ কৰিলে সুশান্তৰ পিতৃ কেকে সিঙে। একমাত্ৰ পুত্ৰৰ মৃত্যুৱে অবাক কৰি তুলিছিল পিতৃক। কিছুদিন ধৰি কেৱল পুত্ৰৰ ফয়োৰ সন্মুখত স্থিৰ হৈ বহি ৰৈছিল তেওঁ। অৱশেষত মুখ খুলিলে তেওঁ।

সুশান্তক পোৱাৰ বাবে বহু প্ৰাৰ্থনা কৰিছিল। সেই সন্তান এনেদৰে গুচি যোৱাৰ ঘটনা মানি ল’ব পৰা নাই পিতৃ–মাতৃয়ে। তথাপি হৃদয় দুখবোৰ হেঁচা মাৰি ধৰি পিতৃ কেকে সিঙে ক’লে – কপালত যি লিখা থাকে, সেয়াই হয়।



তেওঁ স্বীকাৰ কৰে যে সুশান্তৰ ওপৰত কোনো পাৰিবাৰিক চাপ নাছিল। কোনোদিনে কোনো কথাত জোৰ কৰা নাই সুশান্তক। পঢ়া–শুনাত চোকা সুশান্তই নিজেই বাচি লৈছিল পেছা। সুশান্তৰ ভগ্নীয়েও ক’লে, কোনো আৰ্থিক কষ্টত নাছিল সুশান্ত।

কেকে সিঙে কয়, ‘পুত্ৰৰ মানসিক অৱসাদৰ কথা আমি জনা নাছিলো। জনা নাছিলো যে সুশান্তই হতাশগ্ৰস্ততাৰ চিকিৎসা কৰাইছিল। মৃত্যুৰ তিনিদিন পূৰ্বেও ৰিয়াৰ সৈতে বিয়াক লৈ কথা–বতৰা হৈছিল। সুশান্তই কৈছিল, এতিয়া কোৰোণাৰ বাবে বিয়া নহ’ব। ছবি এখন হাতত আছে। সেয়া হৈ গ’লে ফেব্ৰুৱাৰী–মাৰ্চত দেখা যাব।’
First published: June 26, 2020, 10:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading