ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ৰ ধমক, ক’লে– আমি কেতিয়াও কোৱা নাছিলো ‘চৌকীদাৰ চোৰ হে’

ৰাহুল গান্ধীয়ে কৈছিল, ‘মই পূৰ্বৰ পৰা কৈ আহিছো, এতিয়া উচ্চতম ন্যায়ালয়েও মানি লৈছে যে ‘চৌকীদাৰ চোৰ হে’।

news18assam
Updated:April 30, 2019, 4:13 PM IST
ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ৰ ধমক, ক’লে– আমি কেতিয়াও কোৱা নাছিলো ‘চৌকীদাৰ চোৰ হে’
ফাইল ফটো
news18assam
Updated: April 30, 2019, 4:13 PM IST
ৰাফেল চুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এক সিদ্ধান্তত ৰাহুল গান্ধীৰ মন্তব্যক লৈ শীৰ্ষ আদালতে দিলে ধমক। ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ উচ্চতম ন্যায়ালয়ক সাঙুৰি বিতৰ্কিত মন্তব্য কৰিছিল। ৰাহুল গান্ধীয়ে কৈছিল, ‘মই পূৰ্বৰ পৰা কৈ আহিছো, এতিয়া উচ্চতম ন্যায়ালয়েও মানি লৈছে যে ‘চৌকীদাৰ চোৰ হে’। উচ্চতম ন্যায়ালয়ৰ প্ৰসংগক ভিত্তিহীনভাৱে উদ্ধৃতি দি ৰাহুল গান্ধীৰ কৰা মন্তব্যৰ বিৰুদ্ধে বিজেপি নেতা মীনাক্ষী লেখীয়ে এই সন্দৰ্ভত আদালত অৱমাননাৰ অভিযোগ দাখিল কৰিছিল। এই আৱেদনৰ শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কয় যে কেতিয়াও আমি কেতিয়াও কোৱা নাছিলো ‘চৌকীদাৰ চোৰ হে’ বুলি।
আৰু চাওক পৰৱৰ্তী বাতৰি