আমি বাধ্য হৈ আটাইকেইটাক গুলীয়ালো-‘সিংঘম’ সজ্জনাৰে আৰু কি ক’লে News18ক

News18 Assam | News18-Assam
Updated:December 6, 2019, 9:55 AM IST
আমি বাধ্য হৈ আটাইকেইটাক গুলীয়ালো-‘সিংঘম’ সজ্জনাৰে আৰু কি ক’লে News18ক
আমি চাৰেণ্ডাৰ কৰিবলৈ বাৰে বাৰে কোৱাৰ পিছতো সিহঁতি ৰোৱা নাছিল সেইকাৰণে উপায়হীন হৈ আমি গুলীচালনা কৰো। চাইবাৰাবাদ আৰক্ষী আয়ুক্ত সজ্জনাৰে কয় News18ক।

আমি চাৰেণ্ডাৰ কৰিবলৈ বাৰে বাৰে কোৱাৰ পিছতো সিহঁতি ৰোৱা নাছিল সেইকাৰণে উপায়হীন হৈ আমি গুলীচালনা কৰো। চাইবাৰাবাদ আৰক্ষী আয়ুক্ত সজ্জনাৰে কয় News18ক।

  • Share this:
শুকুৰবাৰে পুৱাই চাইবাৰাবাদ আৰক্ষীয়ে ২৬বছৰীয়া পশু চিকিৎসকৰ দলৱদ্ধ বলাৎকাৰ আৰু হত্যাৰ চাৰিওটা অভিযুক্তক এনকাউণ্টাৰত গুলীয়াই হত্যা কৰে। হায়দৰাবাদৰ পাৰ্শ্বৱৰ্তী চামছাবাদ এলেকাত আৰক্ষীয়ে আটাইকেইটাক গুলীয়ায়।

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি চাৰিওটা অভিযুক্ত–মহম্মদ আলী ওৰফে মহম্মদ আৰিফ, জল্লু শিৱা, জল্লু নৱীন কুমাৰ আৰু চিন্তাকুনা চেনা কেশাভুলুক লৈ আৰক্ষীয়ে নৃশংস কাণ্ডটোৰ দৃশ্য ‘ৰিক্ৰিয়েট’ কৰিবলৈ ঘটনাস্থলীলৈ লৈ গৈছিল। তেতিয়াই চাৰিওটা অভিযুক্তই আৰক্ষীৰ ওপৰত আক্ৰমণ চলাই পলাবলৈ লওতে আৰক্ষীয়ে গুলীয়াই আটাইকেইটাক হত্যা কৰে। সেই সময় আছিল পুৱতি নিশা প্ৰায় ৩ বাজি ৩০মিনিট।

আমি তেওঁলোকক প্ৰশ্ন কৰি আছিলো যে তেওঁলোকে কেনেকৈ সেই ঘটনা সংঘটিত কৰিলে, তেওঁলোকে আমাক আক্ৰমণ কৰিলে আৰু পলাবলৈ চেষ্টা কৰে। আমি তেওঁলোকক চাৰেণ্ডাৰ কৰিবলৈ কোৱাৰ পিছতো তেওঁলোক ৰোৱা নাছিল, কোনো বাট নথকাত আমি গুলীয়াও আৰু ঘটনাস্থলীতে আটাইকেইটা ঢলি পৰে।


সদানগৰৰ চট্টানপল্লী গাঁৱৰ সমীপৰ বেংগালুৰু–হায়দৰাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ (NH–44) এখন ব্ৰীজৰ তলত য’ত সেই বৰ্বৰ কাণ্ড সংঘটিত হৈছিল তাতেই এই এনকাউণ্টাৰ সংঘটিত হয়। যোৱা ২৭নৱেম্বৰৰ নিশা নৰপিশাচ কেইটাই তাতেই চিকিৎসকগৰাকীক নিৰ্মমভাৱে জ্বলাই দিছিল দলৱদ্ধ বলাৎকাৰ কৰি।

বিশেষ অনুসন্ধানকাৰী দলে অভিযানকাৰী দলৰ সৈতে একেলগে আটাইকেইটা অভিযুক্তক চেৰলাপাল্লীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অভিযুক্তকেইটাক উলিয়াই চাটানাপাল্লীৰ কালভাৰ্টৰ তললৈ আনিছিল। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি তেতিয়াই পলাবলৈ চেষ্টা কৰোতে অভিযুক্ত কেইটাক গুলী কৰাত মৃত্যু হয়। চাইবাৰাবাদ আৰক্ষী আয়ুক্ত ভি চি সজ্জনাৰে ঘটনাৰ বিষয়ে জনায় News18ক।
আৰু চাওক
পৰৱৰ্তী বাতৰি