உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কোৰোণা ভাইৰাছৰ বিৰুদ্ধে ভাৰতে যুঁজি আছে, এতিয়া গা-এৰা দিলেই পৰিস্থিতি হ’ব ভয়ংকৰঃ মুকেশ আম্বানী

    কোৰোণা ভাইৰাছৰ বিৰুদ্ধে ভাৰতে যুঁজি আছে, এতিয়া গা-এৰা দিলেই পৰিস্থিতি হ’ব ভয়ংকৰঃ মুকেশ আম্বানী

    ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহত কয় যে, ‘চৰকৰে হাতত লোৱা পদক্ষেপৰ জৰিয়তে আগন্তুক সময়ত ভাৰতৰ অৰ্থনীতি ক্ষীপ্ৰতাৰ আগবাঢ়িব।

    • Share this:
    পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহক সম্বোধন কৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে, ‘কোৰোণাৰ বিৰুদ্ধে ভাৰতে সবল স্থিতি লৈছে। বৰ্তমান ভাৰতবৰ্ষ এই বিশেষ স্থিতিত উপনীত হৈছে, এই সময়ত গা এৰা দিলে পৰিস্থিতি ভয়ংকৰ হৈ উঠিব পাৰে। তেওঁ লগতে কয় যে, চৰকৰে হাতত লোৱা পদক্ষেপৰ জৰিয়তে আগন্তুক সময়ত ভাৰতৰ অৰ্থনীতি ক্ষীপ্ৰতাৰ আগবাঢ়িব।’

    মুকেশ আম্বানীয়ে এই মন্তব্য এনে সময়ত কৰিছে যে, দেশৰ কিছু কিছু প্ৰান্তত কোৰোণাৰ সংক্ৰমণ আকৌ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত স্থানীয় প্ৰশাসনে আকৌ দৃঢ় পদক্ষেপ হাতত ল’বলগীয়া হৈছে। আহমেদাবাদৰ প্ৰশাসনে এতিয়া জাৰি কৰিছে সান্ধ্য আইন।

    অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকেশ আম্বানীয়ে কয় যে, ‘ভাৰত এখন প্ৰাচীনতম ভূমি। যি বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। আৰু প্ৰতিবাৰেই সন্মুখলৈ অহা প্ৰত্যাহ্বান প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। কাৰণ আমাৰ দেশৰ জনসাধাৰণ আৰু সংস্কৃতি বিশ্বৰ ভিতৰতে অনন্য।
    Published by:Himangshu Bhuyan
    First published: