শীঘ্ৰে জম্মু–কাশ্মীৰৰ জনতাৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰিব RIL–এ

News18-Assam
Updated:August 12, 2019, 2:19 PM IST
শীঘ্ৰে জম্মু–কাশ্মীৰৰ জনতাৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰিব RIL–এ
মুকেশ আম্বানীয়ে কয় – মোৰ বিশ্বাস নতুন ভাৰতে নেতৃত্ব দিব, বিশ্বৰ কোনো উন্নত দেশক অনুসৰণ নকৰে।

মুকেশ আম্বানীয়ে কয় – মোৰ বিশ্বাস নতুন ভাৰতে নেতৃত্ব দিব, বিশ্বৰ কোনো উন্নত দেশক অনুসৰণ নকৰে।

  • Share this:
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ৪২সংখ্যক বাৰ্ষিক সাধাৰণ সভাত জিঅ’ৰ সফলতাৰ খতিয়ান দাঙি ধৰি মুকেশ আম্বানীয়ে কয় – মোৰ বিশ্বাস নতুন ভাৰতে নেতৃত্ব দিব, বিশ্বৰ কোনো উন্নত দেশক অনুসৰণ নকৰে।

আনহাতে, বাৰ্ষিক সন্মিলনত মুকেশ আম্বানীয়ে কয় যে আমি জম্মু–কাশ্মীৰ আৰু লাডাখৰ জনতাৰ সৈতে থকাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমি এক বিশেষ টাস্কফ’ৰ্চ গঠন কৰিম আৰু শীঘ্ৰে জম্মু–কাশ্মীৰক লৈ বহু গুৰুত্বপূৰ্ণ ঘোষণা দেখিবলৈ পাব।

আম্বানীয়ে কয় যে আমি দৈনিক ৮খন বিপণী বৃদ্ধি কৰিছো। বৰ্তমান আমি ৭০০০ খন চহৰ–নগৰত আছো। বিগত বৰ্ষত প্ৰতি ২৪ ছেকেণ্ডত এটা টিভি আৰু প্ৰতি দুই ছেকেণ্ডত এটা ফোন কিনিছিলো। ১০ বছৰত ৰিলায়েঞ্চে ২৯ মিলিয়ন মানুহৰ সৈতে সংযুক্ত হৈছে বুলিও উল্লেখ কৰে মুকেশ আম্বানীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি