‘এক দেশ, এক ৰেছন কাৰ্ড’ অনাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে : মোদী

News18 Assam | News18-Assam
Updated:June 30, 2020, 5:29 PM IST
‘এক দেশ, এক ৰেছন কাৰ্ড’ অনাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে : মোদী
‘যিসকল গৰীৱ পৰিয়ালৰ লোকে কামৰ বাবে বা নানা প্ৰয়োজনত নিজৰ গাঁও বা চহৰ এৰিবলৈ বাধ্য হৈছে, তেওঁলোক আটাইতকৈ লাভৱান হ’ব ‘এক দেশ, এক ৰেছন কাৰ্ড’ আৰম্ভ হ’লে।’

‘যিসকল গৰীৱ পৰিয়ালৰ লোকে কামৰ বাবে বা নানা প্ৰয়োজনত নিজৰ গাঁও বা চহৰ এৰিবলৈ বাধ্য হৈছে, তেওঁলোক আটাইতকৈ লাভৱান হ’ব ‘এক দেশ, এক ৰেছন কাৰ্ড’ আৰম্ভ হ’লে।’

  • Share this:
আনলক–২ আৰম্ভ হ’ব বুধবাৰৰ পৰা। আনলক–১ৰ অন্তিম দিনা অৰ্থাত্‍ আজি দেশবাসীক উদ্দেশ্যি ভাষণ ৰাখে প্ৰধানমন্ত্ৰী মোদীয়ে। মোদীয়ে দেশত ‘এক দেশ এক ৰেছন কাৰ্ড’ শীঘ্ৰে আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমি এক দেশ এক ৰেছন কাৰ্ড’ অনাৰ পৰিকল্পনা কৰিছো। যিসকল গৰীৱ পৰিয়ালৰ লোকে কামৰ বাবে বা নানা প্ৰয়োজনত নিজৰ গাঁও বা চহৰ এৰিবলৈ বাধ্য হৈছে, তেওঁলোক আটাইতকৈ লাভৱান হ’ব ‘এক দেশ, এক ৰেছন কাৰ্ড’ আৰম্ভ হ’লে। সমগ্ৰ দেশৰ বাবে হ’ব এখনেই ৰেছন কাৰ্ড।’

First published: June 30, 2020, 5:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading