২০২৪ চনত লোকসভা নিৰ্বাচন (Liksabha Election 2024)। ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী (Partha Chatterjee)ক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছিল। লোকসভা নিৰ্বাচনত বংগ যে বিজেপি (BJP)ৰ টাৰ্গেট হৈ পৰিছে সেয়া ৰাজনৈতিক মহলৰ বাবে অজ্ঞাত নহয়, সাধাৰণ জনতাৰ বাবেও অজ্ঞাত নহয়। কিন্তু ৰাজ্যত তীব্ৰ হেঁচাত পৰি থকাৰ পাছতো চৰম আত্মবিশ্বাসী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee)। পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ পিছত ২০২৪ চনৰ নিৰ্বাচনক লৈ ভৱিষ্যদ্বাণী কৰিছে মুখ্যমন্ত্ৰী মমতাই! ২০২৪ চনত বিজেপি ক্ষমতালৈ নাহে, তেওঁ প্ৰায় নিশ্চিত। "মই আত্মবিশ্বাসী নহ'লে তেনেকৈ নক'লোহেঁতেন। ২০২৪ চনত বিজেপি নাহে, নাহে, নাহে।"- বুধবাৰে তিতাগড়ত এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে।
বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা উদ্যোগিক গোটৰ মেট্ৰ’ ৰে’ল ৱেগন নিৰ্মাণ প্ৰকল্প, তিতাগড়ত থকা কাৰখানাত নতুন আন্তঃগাঁথনি আৰু হেলিকপ্টাৰ নিৰ্মাণ প্ৰকল্প উদ্বোধন কৰিবলৈ গৈছিল। তাত পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ (Partha Chatterjee Arrest) কৰি ৰাজ্য চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি পোৱাৰ লগে লগে তেওঁ কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিক প্ৰত্যাহ্বান জনাই কয় যে সংখ্যা কি, এই আসনসমূহ ক’ৰ পৰা আহিব সেয়া মই ক’ব নোৱাৰো। ঘৰ সলনি কৰিলে ভাগ্য সলনি নহয়।" প্ৰসংগক্ৰমে ৰাজ্যৰ শাসক পক্ষৰ নাম গৰুৰ চোৰাং গোচৰ, কয়লা চোৰাং গোচৰ, নাৰদ গোচৰ, এছ এছ চি দুৰ্নীতিৰ গোচৰকে ধৰি কেইবাটাও গোচৰত জড়িত হৈ আছে। দলৰ ভাবমূর্তিৰ বাবেই ৰাজ্যৰ শাসকীয় দলটোৱে নির্বাচনত হেঁচাত পৰিব পাৰে বুলি ৰাজনৈতিক মহলে অনুভৱ কৰে৷
মুখ্যমন্ত্ৰীৰ কণ্ঠত কঠোৰ সুৰ। 'বংগ ভাঙিব বিচাৰিলে প্ৰথমে প্ৰকৃত সিংহৰ সৈতে যুঁজ দিয়ক।' BJPৰ নাম নোলোৱাকৈ এই হুংকাৰ মমতাৰ। ইপিনে শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত পুনৰ ষড়যন্ত্ৰ তত্ত্বক ইন্ধন যোগাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মমতাই অভিযোগ কৰে যে বংগক বদনাম কৰাৰ লগতে ৰাজ্যৰ অগ্রগতি ৰোধ কৰি ৰাজ্য চৰকাৰক বদনাম কৰাৰ বাবেই কেন্দ্রীয় সংস্থাটোক ব্যৱহাৰ কৰা হৈছে৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|