‘আৰু আগুৱাই যোৱা দেউতা’! সৌৰভ গাংগুলীক ট্ৰ’ল কন্যা সানাৰ

News18 Assam | News18-Assam
Updated:January 7, 2020, 2:17 PM IST
‘আৰু আগুৱাই যোৱা দেউতা’! সৌৰভ গাংগুলীক ট্ৰ’ল কন্যা সানাৰ
ফাইল ফটোঃ সৌৰভ গাংগুলী কন্যা সানাৰ সৈতে।

ভাৰতীয় ক্ৰিকেটৰ গুৰু দায়িত্ব লাভ কৰাৰ পিছৰে পৰা সৌৰভ গাংগুলীয়ে যথেষ্ট তৎপৰতাৰে বিভিন্ন সংস্কাৰমূলক কাৰ্যত আগভাগ লোৱা দেখা গৈছে। কলকাতাত গোলপীয়া বলেৰে প্ৰথমবাৰলৈ ভাৰতত দিবা–নৈশ টেষ্ট খেলোৱাৰ ক্ষেত্ৰতো গাংগুলীৰ ভূমিকা সক্ৰিয়। 

  • Share this:
ভাৰতীয় ক্ৰিকেটত সৌৰভ গাংগুলী অন্যতম ডাঙৰ ব্যক্তিত্ব। শেহতীয়াকৈ তেওঁৰ ভূমিকা হৈছে ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল বৰ্ডৰ সভাপতিৰ। স্বাভাৱিকতে তেওঁৰ কান্ধত গুৰু দায়িত্ব। কাৰ্যভাৰ গ্ৰহণ কৰাৰ আৰম্ভনিৰ পৰা ভাৰতীয় ক্ৰিকেটৰ গুৰু দায়িত্ব লাভ কৰাৰ পিছৰে পৰা সৌৰভ গাংগুলীয়ে যথেষ্ট তৎপৰতাৰে বিভিন্ন সংস্কাৰমূলক কাৰ্যত আগভাগ লোৱা দেখা গৈছে। কলকাতাত গোলপীয়া বলেৰে প্ৰথমবাৰলৈ ভাৰতত দিবা–নৈশ টেষ্ট খেলোৱাৰ ক্ষেত্ৰতো গাংগুলীৰ ভূমিকা সক্ৰিয়।

দেওবাৰবোৰতো ব্যস্ত সৌৰভ গাংগুলী। এই কথাটোৱে আচলতে গাংগুলীক আমনি কৰে। বিচিচিআইৰ সভাপতিজনে শেহতীয়াকৈ ইনষ্টাগ্ৰামত এখন ফটো আপলোড কৰি কেপশ্যন দিলে, ‘দেওবাৰে কাম কৰি অত্যন্ত বেয়া পাও’। এই ছবিখনে ততালিকে তেওঁৰ জীয়ৰি সানাৰ দৃষ্টি আকৰ্ষণ কৰে। লগে লগে সানাই এটা মন্তব্যৰে দেউতাকক ট্ৰ’ল কৰে, সানাই লিখে, ‘আন্দাজ কৰকচোন কোনে কাম কৰা নাই আৰু ১২টালৈ শুই আছ, আৰু আগুৱাই যোৱা দেউতা’।

ইয়াত চাওকঃ 

ছবিখনে ব্যৱহাৰকাৰীৰ পৰা ভালেখিনি লাইক বুটলে। জীয়ৰি সানাই ইয়াতেই ক্ষান্ত নাথাকি সৌৰভ গাংগুলীক আকৌ লিখে, ‘এনেকুৱা কি হ’ল যে তুমি ভাল পোৱা নাই?’ লগে লগে সৌৰভ গাংগুলীয়ে লিখে, ‘সানা, তুমি যে দিনে দিনে অবাধ্য হৈ গৈ আছা’। লগে লগে জীয়ৰিয়ে লিখে, ‘তোমাৰ পৰাই শিকিছো।’

উল্লেখ যোগ্য যে কিছু দিন পূৰ্বে সানাই নাগৰিকত্ব সংশোধনী আইনক লৈ এটা বিতৰ্কত সোমাই পৰিছিল। ইয়াৰ পিছতে নিজৰ জীয়ৰিক ৰাজনৈতিক বিষয়সমূহৰ পৰা আঁতৰত ৰাখিবলৈ বিচিচিআইৰ সভাপতি তথা প্ৰাক্তন ক্ৰিকেটাৰজনে অনুৰোধ কৰি কৈছিল যে সানাই দিয়া পোষ্টটো ‘শুদ্ধ নহয়।’ খুচৱন্ত সিঙৰ উপন্যাস ‘দ্য এণ্ড অৱ ইণ্ডিয়া’ৰ পৰা বাক্য তুলি ১৮বছৰীয়া সানাই ছচিয়েল মিডিয়াত ‘কা’ৰ সন্দৰ্ভত পোষ্ট কৰিছিল।

সানাৰ পোষ্টৰ স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰে আৰু সানাক পৰিপক্কতা আৰু সাহসৰ কাৰণে বহুতেই প্ৰশংসা কৰে। দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক সমালোচনা কৰা পোষ্ট হিচাপে ‘কা’ বিৰোধী ৰাইজৰ সমাদৰ লাভ কৰে সানাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি