• Home
  • »
  • News
  • »
  • nation
  • »
  • নালাগে পেট্ৰ’ল–ডিজেল, নালাগে বেটাৰীও, মধ্য প্ৰদেশৰ এজন মেকানিকে আৱিষ্কাৰ কৰিলে পানীৰে চলা গাড়ী

নালাগে পেট্ৰ’ল–ডিজেল, নালাগে বেটাৰীও, মধ্য প্ৰদেশৰ এজন মেকানিকে আৱিষ্কাৰ কৰিলে পানীৰে চলা গাড়ী

মধ্য প্ৰদেশৰ ৪৪ বছৰীয়া মহম্মদ ৰাছি মাকৰানি নামৰ লোকজনে সাজি উলিয়াইছে এখন গাড়ী।

মধ্য প্ৰদেশৰ ৪৪ বছৰীয়া মহম্মদ ৰাছি মাকৰানি নামৰ লোকজনে সাজি উলিয়াইছে এখন গাড়ী।

মধ্য প্ৰদেশৰ ৪৪ বছৰীয়া মহম্মদ ৰাছি মাকৰানি নামৰ লোকজনে সাজি উলিয়াইছে এখন গাড়ী।

  • Share this:
পেট্ৰ’ল–ডিজেলৰ দাম ঊৰ্ধ্বমুখী। নিজৰ গাড়ীখন লৈ ক’ৰবালৈ যাবলৈও দহবাৰ ভাবিবলগীয়া হৈছে। আনকি প্ৰদূষণমুক্ত ইলেকট্ৰিক বাহনৰ দামো চাহিদাৰ বাবে প্ৰতিদিনে বৃদ্ধি পাইছে। কিন্তু ইয়াৰ মাজতে এজন লোকে আৱিষ্কাৰ কৰা এখন গাড়ীয়ে স্তম্ভিত কৰিছে সকলোকে। কাৰণ এই গাড়ীখন তেলেৰে নহয়, চলে পানীৰে।

আচৰিত যেন লাগিলেও এয়াই সঁচা। মধ্য প্ৰদেশৰ ৪৪ বছৰীয়া মহম্মদ ৰাছি মাকৰানি নামৰ লোকজনে সাজি উলিয়াইছে এখন গাড়ী। এই গাড়ীখন চলিবলৈ পেট্ৰ’ল–ডিজেল বা বেটাৰীৰ প্ৰয়োজন নাই, প্ৰয়োজন কেৱল পানীৰ। সম্প্ৰতি লোকজনৰ পানীৰে চলা গাড়ীখনৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

২০১২ চনত এই পানীৰে চলা গাড়ী সাজি উলিয়াইছিল মহম্মদ ৰাছি মাকৰানীয়ে। নিজৰ মাৰুতি ৮০০ গাড়ীখনেই এই আকাৰ দিয়ে লোকজনে। আনকি মোবাইলৰ নম্বৰ টিপি গাড়ীখন ষ্টাৰ্ট বা বন্ধ কৰিব পাৰি।

আচৰিত কথাটো হ’ল, গাড়ীৰ মেকানিক মহম্মদ ৰাছি মাকৰানিৰ নাই আনুষ্ঠানিক ডিগ্ৰী। উচ্চ মাধ্যমিক পাছ কৰিয়ে হাত দিছিল গাড়ীৰ কামত। জানিব পৰা মতে, মাকৰানিৰ এই গাড়ীখন বজাৰলৈ আনিবলৈ আগ্ৰহী এটা চীনা কোম্পানী। প্ৰশ্ন উঠিছে, ভাৰতীয় প্ৰতিষ্ঠানসমূহ ক’লৈ গ’ল! কিয় তেওঁলোকে এই বিষয়ে তৎপৰ নহয়।

মাকৰানিয়ে সংবাদ মাধ্যমক জনায়, এই ৭৯৬ চিচিৰ গাড়ীখন নিৰ্মাণ কৰোতে সময় লাগে ডেৰ বছৰ। খবৰ বিয়পি পৰাত চীন, ডুবাইৰ বহু সংস্থাই তেওঁৰ সৈতে যোগাযোগ কৰিছে যদিও তেওঁৰ ইচ্ছা কোনো দেশীয় সংস্থাই এইক্ষেত্ৰত আগভাগ লওক।
Published by:Sanjay Kumar Das
First published: