মুখ্যপৃষ্ঠা »খবৰ »দেশ »Ganga River Green Water : পৱিত্ৰ গংগা নৈত আজৱ ঘটনা! বাৰাণসীত সলনি হ'ব ধৰিছে গংগা নৈৰ পানী। পূজাৰী-সাধুৱেও ক'লে- এনে দৃশ্য কেতিয়াও দেখা নাই।

Ganga River Green Water : পৱিত্ৰ গংগা নৈত আজৱ ঘটনা! বাৰাণসীত সলনি হ'ব ধৰিছে গংগা নৈৰ পানী। পূজাৰী-সাধুৱেও ক'লে- এনে দৃশ্য কেতিয়াও দেখা নাই।

পূজাৰী আৰু পাণ্ডাসকলে এইয়া প্ৰকৃতিৰ লীলা বুলি ক'ব বিচাৰে যদিও চুনাৰ নামৰ ঠাইখনত থকা এক প্ৰকল্পৰ পানী পৰিশোধন গোট বিকল হোৱা বাবেই এনে হোৱা বুলি অনুমান কৰা হৈছে।

  • Share this:
পৱিত্ৰ গংগা নৈত ঘটিছে সকলোকে আচৰিত কৰি তোলা আজৱ ঘটনা। বাৰাণসীত সলনি হৈছে হিন্দুসকলৰ পৱিত্ৰ নৈ গংগাৰ পানীৰ বৰণ। নৈখনৰ সাধাৰণ বৰণৰ বিপৰীতে কেইদিনমানৰ পৰা সেউজীয়া হৈ পৰিছে গংগাৰ পানী। এনেকুৱা বিগত ১৫-২০ দিনত দুবাৰ হ'ল বুলি জানিব পৰা গৈছে।

এনেদৰে পানীৰ বৰণ সলনি হোৱা ঘটনাৰ অনুসন্ধানৰ নিৰ্দেশ দিছে বাৰাণসীৰ দণ্ডাধীশ কৌশল ৰাজে। পাঁচজনীয়া এখন তদন্ত কমিটী গঠন কৰি তিনি দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে দণ্ডাধীশ কৌশল ৰাজে। গংগাৰ পানীৰ বৰণ সলনিৰ সৈতে নৈ কাষৰীয়া একাংশ প্ৰকল্পক সাঙুৰি একাংশ লোকে আপত্তি দৰ্শোৱাৰ পাছতে প্ৰশাসনে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈৈ বাধ্য হৈ পৰিছে। আচৰিত এই ঘটনাটো এতিয়া হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰ।

১৫-২০ দিন পূৰ্বে প্ৰথমবাৰ গংগাৰ পানী সেউজীয়া হোৱাত প্ৰশাসনে এইয়া শেলুৱৈৰ বাবে হোৱা বুলি কৈছিল। আনকি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও শেলুৱৈৰ বাবেই এনে হোৱা বুলি ক'ব বিচাৰিছিল। তাৰ পাছত কেইদিনমান বৰষুণ হোৱাত আগৰ দৰেই হৈ পৰিছিল গংগাৰ পানী। কিন্তু বৰষুণ এৰাৰ কেইদিনমান পাছৰ পৰা গংগাৰ পানী পুনৰ সেউজীয়া হ'বলৈ ধৰিছে আৰু আগতকৈ বেছি পৰিসৰত বিয়পি পৰিছে।

পূজাৰী আৰু পাণ্ডাসকলে এইয়া প্ৰকৃতিৰ লীলা বুলি ক'ব বিচাৰে যদিও চুনাৰ নামৰ ঠাই খনত থকা এক প্ৰকল্পৰ পানী পৰিশোধন গোট বিকল হোৱা বাবেই এনে হোৱা বুলি অনুমান কৰা হৈছে। অনুসন্ধানৰ পাছতহে পোহৰলৈ আহিব আচলতে হৈছে কি, নে দেৱী গংগা ৰুষ্ট হৈছে?

শেহতীয়া বাতৰি