পাটনা–দিল্লী অভিমুখী স্পাইচজেটৰ এখন বিমান (Boeing 737-800) জৰুৰী অৱতৰণ কৰিবলগীয়া হ’ল। দেওবাৰে বিমানখন উৰা মৰাৰ লগে লগে জুইৰ খবৰ পোৱা যায়। ৰিপ’ৰ্ট অনুসৰি বিমানৰ ইঞ্জিনত জুই লাগি যায়। স্থানীয় লোকে প্ৰথমে সেই জুই দেখিবলৈ পায়। বিমান জুই লগাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। বিমানখনত ১৮০জন যাত্ৰী আছিল। সকলো নিৰাপদে আছে।
পাটনাৰ ডিএম চন্দ্ৰশেখৰ সিঙে কয়, ‘‘দিল্লী অভিমুখী বিমানখন পাটনালৈ ঘূৰি আহিবলৈ বাধ্য হয়। স্থানীয় লোকে বিমানত জুই প্ৰত্যক্ষ কৰে। স্থানীয় লোকে ডিএম আৰু বিমানবন্দৰৰ বিষয়াক এই খবৰ জনায়। বিমানত থকা সকলো যাত্ৰীকে নমাই অনা হয়। জুই লগাৰ কাৰণ যান্ত্ৰিক বিজুতি হ’ব পাৰে।’’
শিৱসেনা সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে টুইট কৰে ৰিপ’ৰ্ট অহাৰ পিছতে। এয়া যাত্ৰীক লৈ খেলা বুলি মন্তব্য কৰে প্ৰিয়ংকা চতুৰ্বেদীয়ে।
Published by: Sanjay Kumar Das
First published: June 19, 2022, 15:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|