আৰু মাত্ৰ কেইটামান ঘণ্টা। বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামত ১ লাখ ১০ হাজাৰ লোকৰ সন্মুখৰ মঞ্চত একেলগে থিয় হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব বিশ্ববাসী। ট্ৰাম্পৰ আগমনক লৈ সজাই–পৰাই তোলা হৈছে আহমেদাবাদৰ ছৰ্দাৰ পেটেল ম’টেৰা ষ্টেডিয়াম। ষ্টেডিয়ামৰ চৌদিশে উৰিছে ভাৰত আৰু আমেৰিকাৰ পতাকা। লগোৱা হৈছে ট্ৰাম্প আৰু মোদীৰ বৃহৎ বৃহৎ হৰ্ডিং।
দিনৰ ১১.৪০ বজাত আহমেদাবাদত অৱতৰণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। ৰাষ্ট্ৰপতিগৰাকী ষ্টেডিয়ামলৈ অহাৰ দুঘণ্টা পূৰ্বে বন্ধ কৰি দিয়া হৈছে গে’ট। ষ্টেডিয়ামত ম’বাইল ফোনৰ বাদে কোনো ধৰণৰ সামগ্ৰী নিয়াৰ অনুমতি দিয়া নহ’ব। সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত আৰম্ভ হ’ব মোদী আৰু ট্ৰাম্পৰ ভাষণ।
মোদী আৰু ট্ৰাম্পৰ সম্বোধনৰ পূৰ্বে ষ্টেডিয়ামত এক ভৱ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে য’ত আমন্ত্ৰণ কৰা হৈছে বলীউদৰ জনপ্ৰিয় গায়ক কৈলাশ খেৰৰ লগতে আন শিল্পীকো। ‘নমস্তে ট্ৰাম্প’ কাৰ্যসূচীৰ নিৰাপত্তাৰ দিশটো নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে ২৫জন জ্যেষ্ঠ আই পি এছ বিষয়াৰ নেতৃত্বত ১০ হাজাৰৰো অধিক সুৰক্ষাকৰ্মী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|