• Home
  • »
  • News
  • »
  • nation
  • »
  • নাচি নাচি হোমৰ গুৰিত সাত পাক ঘূৰিলে দৰা-কইনাই, ভাইৰেল ভিডিঅ'! পৰম্পৰাক অপমান কৰাৰ অভিযোগত তোলপাৰ টুইটাৰ

নাচি নাচি হোমৰ গুৰিত সাত পাক ঘূৰিলে দৰা-কইনাই, ভাইৰেল ভিডিঅ'! পৰম্পৰাক অপমান কৰাৰ অভিযোগত তোলপাৰ টুইটাৰ

এক সুখী দম্পতীয়ে নাচি নাচি বিবাহৰ অনুষ্ঠানত হোমৰ গুৰিত সাত পাক ঘূৰাৰ এক ভিডিঅ'ই খলকনিৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত।

এক সুখী দম্পতীয়ে নাচি নাচি বিবাহৰ অনুষ্ঠানত হোমৰ গুৰিত সাত পাক ঘূৰাৰ এক ভিডিঅ'ই খলকনিৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত।

এক সুখী দম্পতীয়ে নাচি নাচি বিবাহৰ অনুষ্ঠানত হোমৰ গুৰিত সাত পাক ঘূৰাৰ এক ভিডিঅ'ই খলকনিৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত।

  • Share this:
নিজৰ বিবাহ কাৰ্যসূচীত আনন্দিত দৰা-কইনাই নাচি নাচি হোমৰ গুৰিৰ চাৰিওফালে ঘূৰি ল'লে যুগ্ম জীৱনৰ প্ৰতিশ্ৰুতি। ভিডিঅ' ভাইৰেল ছ'চিয়েল মিডিয়াত। মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন দৰা–কইনা।

ভাৰতীয় বিবাহৰ কাৰ্যসূচী পৰম্পৰাসমূহ অতি আকৰ্ষণীয় আৰু গাম্ভীৰ্যপূৰ্ণ। সামাজিক ৰীতি–নীতিৰে আয়োজন কৰা ভাৰতীয় বিবাহ কাৰ্যসূচী হৈছে দৰা-কইনাৰ লগতে পৰিয়াল, বন্ধুবৰ্গলৈ সকলোৰে বাবে এক চিৰস্মৰণীয় ক্ষণ। যাৰ বাবে বিবাহৰ এই ক্ষণ চিৰস্মৰণীয় কৰি ৰাখিবলৈ কোনোধৰণৰ ত্ৰুটি কৰা নহয়।

সাম্প্ৰতিক সময় যদি চোৱা হয়, ইণ্টাৰনেটত উপলব্ধ বিবাহৰ ভিন্ন ফটো, ভিডিঅ'ত বহু হাস্যকৰ অভিজ্ঞতা দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ এক সুখী দম্পতীয়ে নাচি নাচি বিবাহৰ অনুষ্ঠানত হোমৰ গুৰিত সাত পাক ঘূৰাৰ এক ভিডিঅ'ই খলকনিৰ সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়াত। য'ত ভাল বেয়া দুয়োটা অৰ্থাৎ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'বলগীয়া হৈছে দৰা-কইনাই।

ভাৰতীয় পৰম্পৰা আৰু হিন্দু বিবাহসমূহত ফেৰা লোৱা অৰ্থাৎ পবিত্ৰ হোমৰ জুইৰ  চাৰিওফালে পদক্ষিণ কৰি যুগ্ম জীৱনৰ পাতনি মেলাটো এক গুৰুত্বপূৰ্ণ নিয়ম। এই ৰীতি অনুসৰি পৰিয়ালৰ লগতে আত্মীয়-স্বজন আৰু বন্ধুবৰ্গৰ সন্মুখত দৰা আৰু কইনাই পুৰোহিতৰ ভজন আৰু প্ৰাৰ্থনা পাঠ লগে লগে সাতবাৰ পবিত্ৰ জুইৰ চাৰিওফালে পদক্ষিণ কৰে।

অতি পবিত্ৰ এই সময়ছোৱাতে দৰা-কইনাই নৃত্য কৰি এনেদৰে পদক্ষিণ কৰাৰ এটা ভিডিঅ' বেদান্ত বিৰলা নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰে টুইটাৰত। য'ত  হিন্দীত মন্তব্য কৰি বিৰলাই নৱবিবাহিত দম্পতীৰ এই কাণ্ডক সমালোচনা কৰিছিল আৰু ইয়াৰ দ্বাৰা তেওঁলোকে পৰম্পৰাৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰিছিল।

বিৰলাই শ্বেয়াৰ কৰা ভিডিঅ'টোত, বহুতে দৰা-কইনাই নাচি নাচি হোমৰ গুৰিত পদক্ষিণ কৰা কাৰ্যক উৎসাহিত কৰা দেখা গৈছিল। ভিডিঅ' ক্লিপটো শ্বেয়াৰ কৰি বিৰলাই  লিখিছিল "এয়া এক বিবাহ নে আমাৰ পৰম্পৰাগত মূল্যবোধৰ ত্যাগ?"  তেওঁ লগতে কয়, "পাহৰিব নালাগে যে যদি আপুনি এই পৃথিৱীত পূজনীয় তেন্তে এয়া কেৱল আপোনাৰ সংস্কৃতি আৰু মূল্যবোধৰ বাবেহে।"

শ্বেয়াৰৰ লগে লগে ভিডিঅ'টো তাৎক্ষণিকভাৱে ভাইৰেল হৈ পৰিছিল আৰু ৬.৩ লাখতকৈ অধিক লোকে ভিডিঅ'টো চাইছিল। এই ভিডিঅ'ই  টুইটাৰত এক তৰ্ক-যুদ্ধৰো সৃষ্টি কৰিছে। বহু টুইটাৰ ব্যৱহাৰকাৰীয়ে পবিত্ৰ ক্ষণত কৰা এক কাৰ্যক সমালোচনাও কৰিছে।

বিৰলাৰ মতামতৰ সৈতে একমত হৈ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছিল যে, পৰিয়ালৰ জ্যেষ্ঠসকলে ইয়াক কেনেদৰে অনুমতি দিছিল?

যদি আপোনালোকে ৰীতি-নীতি নামানে তেন্তে এইবোৰ কি কৰিছে, আদালতত বিবাহ কাৰ্য সম্পাদন কৰি অভ্যৰ্থনা দিলেই হয়।

আন এগৰাকীয়ে লিখিছে, "আজিৰ বিবাহসমূহ কেৱল ফেচবুক, ইনষ্টাত শ্বেয়াৰ কৰিবলৈ কৰা ফটোগ্ৰাফীৰ বাবেহে, য'ত পৰম্পৰা , নীতি-নিয়মৰ প্ৰতি কোনো সন্মন নাই।"

ইয়াৰ বিপৰীতে আন এগৰাকীয়ে সমৰ্থন জনায় লিখে, "ইয়াত কি সমস্যা আছে, তেওঁলোকে নিজে বিচৰা ধৰণে নিজৰ বিবাহ পাতিছে। আপোনাক কোনেও এই ভিডিঅ' চাবলৈ জোৰ কৰা নাই।"

এনেদৰে টুইটাৰত ভাইৰেল ভিডিঅ'টোত ভিন্ন সমালোচনা আৰু সমৰ্থনেৰে ভৰি পৰিছে  কমেণ্ট বক্স।
Published by:Sanjay Kumar Das
First published: