চেটেলাইটৰ পৰা লোৱা ফটোত স্পষ্ট হ’ল লাডাখৰ যুদ্ধ সদৃশ পৰিস্থিতি! উত্তেজনা হ্ৰাস পোৱাৰ নাই কোনো লক্ষণ

News18 Assam | News18-Assam
Updated:June 27, 2020, 1:02 PM IST
চেটেলাইটৰ পৰা লোৱা ফটোত স্পষ্ট হ’ল লাডাখৰ যুদ্ধ সদৃশ পৰিস্থিতি! উত্তেজনা হ্ৰাস পোৱাৰ নাই কোনো লক্ষণ
সীমান্তত এতিয়া ভাৰত-চীনৰ সংঘাতে লৈছে তীব্ৰ ৰূপ

সীমান্তত এতিয়া ভাৰত-চীনৰ সংঘাতে লৈছে তীব্ৰ ৰূপ

  • Share this:
সীমান্তত এতিয়া ভাৰত-চীনৰ সংঘাতে লৈছে তীব্ৰ ৰূপ। আৰম্ভ হৈছে যুদ্ধ সদৃশ পৰিবেশ। আগ্ৰাসী চীনক প্ৰতিহত কৰিবলৈ সাজু হৈছে ভাৰতীয় স্থল, বায়ু, নৌ সেনা। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰয়ো ভাৰতৰ ফালে অৱস্থান কৰিছে। চীনক আগ্ৰাসী মনোভাৱ ত্যাগ কৰিবলৈ দিছে কঠোৰ সকীয়নি।

চণ্ডীগড়ৰ পৰা ভাৰতীয় বায়ুসেনাৰ C-17 গ্ল’বমাষ্টাৰ মূল্যবান কাৰ্গো লৈ যোৱা হৈছে লাডাখলৈ।যাৰ এটা ট্ৰিপত যাৰ খৰচ হয় প্ৰায় ১০ লাখ টকা। বিগত এমাহ ধৰি উত্তৰ ভাৰতৰ সকলো সেনা ঘাটি আৰু বায়ুসেনা ঘাটিৰ পৰা সেনা, কামাণ্ডাৰ, এয়াৰ চাৰ্ভিলেন্স ৰাডাৰ, যুদ্ধ বিমান, হেলিকপ্তাৰ লৈ যোৱা হৈছে লাডাখলৈ। ইতিমধ্যে লাডাখত উপস্থিত হৈছেগৈ ৪৫ হাজাৰ সেনা। বৰ্তমান এক নিঃ সন্দেহে সৃষ্টি হৈছে এক যুদ্ধসদৃশ পৰিস্থিতি।

‘DBO, Fukche and Nyoma’- তিনিওটা এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড এক্টিভ কৰি তুলা হৈছে। সকলো এতিয়া চীনৰ ফালে মুখ কৰি আছে।নৌ-সেনাৰ মাল্টিটাস্কাৰ P-8I সাজু কৰি তুলা হৈছে। গালৱান ভেলী, দেপছাং, পাংগাং আৰু উত্তৰ ছিকিমত এতিয়া ভাৰতীয় সেনাই চলাইছে যুদ্ধৰ আখৰা।

প্ৰায় দুমাহ পাৰ হৈ গ’ল, সীমান্তত ভাৰত-চীনৰ সংঘাত হোৱাৰ। একাধিকবাৰ আলোচনাৰ অন্ততো কোনো ধৰণৰ সমাধান সূত্ৰ এই পৰ্যন্ত ওলোৱা নাই। তাৰ পৰিৱৰ্তে কিন্তু উত্তেজনা বৃদ্ধি পাইছে।
First published: June 27, 2020, 12:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading