৩মাহ সময় আছে! চৰকাৰৰ পৰা ১০হাজাৰ টকাৰ পেন্সন কেনেকৈ পাব? চাওক এই প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:January 14, 2020, 8:20 PM IST
৩মাহ সময় আছে! চৰকাৰৰ পৰা ১০হাজাৰ টকাৰ পেন্সন কেনেকৈ পাব? চাওক এই প্ৰতিবেদন
প্ৰধানমন্ত্ৰী ব্যয় বন্দনা যোজনা নামৰ আঁচনিৰ অধীনত আপুনি এই সুবিধা লাভ কৰিব পাৰে। এই আঁচনিৰ সুযোগ লাভ কৰিবলৈ আপোনাৰ হাতত আছে মাত্ৰ তিনিমাহ সময়!

প্ৰধানমন্ত্ৰী ব্যয় বন্দনা যোজনা নামৰ আঁচনিৰ অধীনত আপুনি এই সুবিধা লাভ কৰিব পাৰে। এই আঁচনিৰ সুযোগ লাভ কৰিবলৈ আপোনাৰ হাতত আছে মাত্ৰ তিনিমাহ সময়!

  • Share this:
অৱসৰৰ পিছত বিত্তীয় ভাৱে আত্মনিৰ্ভৰশীল হৈ থাকিবলৈ সকলোৱে বিচাৰে। ইয়াৰ কাৰণে বজাৰত বহুতো বিত্তীয় আঁচনি উপলব্ধ। অৱসৰৰ পিছত বিত্তীয় খৰছৰ যোগান ধৰিবলৈ এই আঁচনিসমূহ গ্ৰহণ কৰা হয়। ইয়াৰে এক উল্লেখযোগ্য আঁচনি হৈছে প্ৰধানমন্ত্ৰী ব্যয় বন্দনা যোজনা (PMVVY)। এই আঁচনিৰ অধীনত আপুনি ৮–৮.৩০শতাংশলৈ সুত লাভ কৰিব। অৱশ্যে সুতৰ এই হাৰ নিৰ্ভৰ কৰিব আপুনি মাহেকীয়া, ত্ৰিমাসিক নে বছৰি পেন্সনৰ বিকল্প বাচনি কৰিছে। আপোনাৰ হাতত ইয়াৰ কাৰণে ৩১মাৰ্চ, ২০২০লৈ মাত্ৰ তিনিমাহ সময় আছে।

LICৰ জৰিয়তে এই আঁচনিৰ লাভ উঠাব পাৰে

বিত্তীয় বৰ্ষ ২০১৮–১৯ৰ বাজেটৰ সময়ত কেন্দ্ৰই জ্যেষ্ঠ নাগৰিকৰ কাৰণে এই আঁচনিৰ অন্তিম সময়সীমা বৃদ্ধি কৰি ৩১মাৰ্চ ২০২০কৰিছিল। এই সময়ৰ ভিতৰত চৰকাৰে ইয়াৰ অধিকতম ধনৰাশি ১৫লাখলৈও বৃদ্ধি কৰিছিল। আপুনিও এই আঁচনিৰ সুবিধা ভাৰতীয় জীৱন বীমা নিগমৰ জৰিয়তে লাভ কৰিব। অনলাইন অথবা অফলাইন এই সুবিধা আপুনি লাভ কৰিব পাৰে।

এই আঁচনিৰ অৱধি ১০বছৰ। যদি আপুনি ১০বছৰ পূৰ্ণ হোৱাৰ পিছতো এই আঁচনিৰ লাভ উঠাব বিচাৰে তেতিয়া আপুনি আকৌ এই আঁচনি গ্ৰহণ কৰিব লাগিব। যদি পেন্সনধাৰক এই আঁচনিৰ ১০বছৰলৈকে জীয়াই থাকে তেনেহ’লে তেওঁক শেষত এৰিয়াৰ দিয়া হ’ব। যদিহে পেন্সনধাৰকৰ ইয়াৰ মাজতে মৃত্যু হয় তেনেহ’লে নমিনিক আঁচনি ক্ৰয় কৰা মূল্য ঘুৰাই দিয়া হ’ব। ইয়াৰ লগতে পলিচীৰ টাৰ্ম সম্পূৰ্ণ কৰাৰ পিছতো পেন্সনধাৰক যদি জীয়াই থাকে তেন্তে তেওঁ এই পলিচীৰ ক্ৰয় কৰা মূল্যৰ লগতে অন্তিম পেন্সন ইনষ্টলমেণ্ট পৰ্যন্ত দিয়া হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading