VVPATক লৈ SCৰ দ্বাৰস্থ ২১টা বিৰোধী দল, মুহূৰ্ততে আৱেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত বিৰোধীয়ে আপত্তি প্ৰদৰ্শন কৰি কৈছিল যে ভোটাৰে বহু সময়ত অন্য পাৰ্টীক ভোট দিয়ে আৰু আন পাৰ্টীলৈ ভোট গুচি যায়।

news18
Updated:May 7, 2019, 11:57 AM IST
VVPATক লৈ SCৰ দ্বাৰস্থ ২১টা বিৰোধী দল, মুহূৰ্ততে আৱেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত বিৰোধীয়ে আপত্তি প্ৰদৰ্শন কৰি কৈছিল যে ভোটাৰে বহু সময়ত অন্য পাৰ্টীক ভোট দিয়ে আৰু আন পাৰ্টীলৈ ভোট গুচি যায়।
news18
Updated: May 7, 2019, 11:57 AM IST
লোকসভা নিৰ্বাচনৰ কাৰণে ভোটগণনাৰ কাৰণে লাভ কৰা ৫০শতাংশ ভিভিপিএটিৰ শ্লিপ সম্বন্ধীয় আৱেদন উচ্চতম ন্যায়ালয়ে মাত্ৰ এক মিনিটৰ ভিতৰতে খাৰিজ কৰি দিয়ে। ২১টা বিৰোধী দলে প্ৰথম তিনিটা পৰ্যায়ত অনুষ্ঠিত ভোটগ্ৰহণৰ সময়ত ইভিএমৰ খেলিমেলিৰ প্ৰসংগ উত্থাপন কৰিছিল। বিৰোধীয়ে ৫০শতাংশ ভিভিপিএটি শ্লিপ নতুনকৈ পৰীক্ষা কৰাৰ দাবী উত্থাপন কৰিছিল।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে বিৰোধী দলৰ আৱেদন খাৰিজ কৰি কয় যে আদালতে বাৰে বাৰে এই প্ৰসংগত কিয় কথা শুনিব? মুখ্য ন্যায়াধীশগৰাকীয়ে কয় এই প্ৰসংগত তেওঁ দখল দিব বিচৰা নাই।

বিৰোধী দলে আৱেদনত উল্লেখ কৰিছিল যে বিভিন্ন সময়ত অন্য পাৰ্টীক ভোট দিয়াৰ পিছত সেই ভোট আন দলৰ কাৰণে লিপিৱদ্ধ হোৱাৰ নজিৰ দেখিবলৈ পোৱা গৈছিল।

SC–এ দিছিল EVM_VVPATৰ শ্লিপ মিলাই চোৱাৰ আদেশ–

ইয়াৰ পূৰ্বে ৮এপ্ৰিলত দিয়া নিৰ্দেশত আদালতে কৈছিল যে প্ৰত্যেক বিধানসভা ক্ষেত্ৰত এটাৰ সলনি ৫টা  EVM_VVPATৰ শ্লিপ মিলাব লাগিব। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কৈছিল যে প্ৰত্যেক বিধানসভাত মিলাই চোৱা EVM_VVPATৰ সংখ্যা এইকাৰণে বৃদ্ধি কৰা হৈছে যাতে সমগ্ৰ ব্যৱস্থা শুদ্ধ হয় আৰু নিৰ্বাচনী প্ৰক্ৰিয়া সঠিকৰূপত পৰিচালিত হয়। ইয়াৰ দ্বাৰা ৰাজনৈতিক দলৰ লগতে ৰাইজ সন্তুষ্ট হ’ব লাগে।

বিৰোধী দলৰ দাবীত নিৰ্বাচন আয়োগে কয় যে ইয়াৰ পৰিণাম ৫–৬দিনৰ ভিতৰত দেৰীকৈ আহিব। আঠ এপ্ৰিলত বিচাৰপীঠে দিয়া নিৰ্দেশত কোৱা হৈছিল যে–বৰ্তমানৰ নিৰ্দেশৰ পৰা পৰিণামৰ ঘোষণা কৰোতে বেছি পলম হোৱাটো বাঞ্চনীয় নহয়।

এই দলসমূহে আৱেদন দাখিল কৰিছিল

উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল অন্ধ্ৰপ্ৰদেশৰ মুুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু (টিডিপি),

শৰদ পাৱাৰ (এনচিপি), ফাৰুক আব্দুল্লা (এনচি), শৰদ যাদৱ (এলজেডি), অৰবিন্দ কেজৰিৱাল (আম আদমী পাৰ্টী), অখিলেখ যাদৱ (সপা), ডেৰেক অ’ ব্ৰায়ান (টিএমচি) আৰু এম কে ষ্টেলিনে (ডিএমকে)।

 

অন্যান্য আৰু বহুকেইটা সৰু সৰু দলো ইয়াত চামিল হৈ আছে। তেওঁলোকে আদালতত আৱেদন কৰিছিল যে নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই ইভিএমৰ ৫০শতাংশ ফলাফল ভিভিপিএটিৰ সৈতে মিলাই চাব লাগে বা দ্বিতীয়বাৰ পৰীক্ষা কৰিব লাগে। ए.
আৰু চাওক পৰৱৰ্তী বাতৰি