আপুনি Vodafoneৰ গ্ৰাহক নেকি? আপোনাৰ বাবে আছে নতুন প্লেন

News18-Assam
Updated:November 19, 2019, 5:41 PM IST
আপুনি Vodafoneৰ গ্ৰাহক নেকি? আপোনাৰ বাবে আছে নতুন প্লেন
ডাঙৰ কথাটো হ’ল ইমান কম দামতে আপুনি পাব আনলিমিটেড কলিঙৰ দৰে সুবিধা।

ডাঙৰ কথাটো হ’ল ইমান কম দামতে আপুনি পাব আনলিমিটেড কলিঙৰ দৰে সুবিধা।

  • Share this:
টেলিকম কোম্পানীসমূহৰ মাজত চলি থকা তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজতে ভোটাফোনে নিজৰ গ্ৰাহকৰ বাবে লৈ আহিছে আকৰ্ষণীয় প্লেন। ভোডাফোনে লৈ আহিছে ৯ আৰু ২১ টকাৰ নতুন প্লেন। ডাঙৰ কথাটো হ’ল ইমান কম দামতে আপুনি পাব আনলিমিটেড কলিঙৰ দৰে সুবিধা। আহক জানো এই প্লেনৰ বিষয়ে।

৯ টকাৰ প্লেনত আপুনি পাব আনলিমিটেড কলিঙৰ সুবিধা। অৱশ্যে এই প্লেনৰ ভেলিডিটী মাত্ৰ এদিন। এদিনৰ এই প্লেনত গ্ৰাহকে পাব ১০০ ফ্ৰী এছএমএছৰ সুবিধাও। তদুপৰি লাভ কৰিব ১০০ এম বি ডাটা।

২১ টকাৰ প্লেনৰ পেকত গ্ৰাহকে পাব দুদিনৰ ভেলিডিটী। আনলিমিটেড কলিঙৰ লগতে ২০০ ফ্ৰী এছএমএছৰ সুবিধা পাব এই প্লেনত। তদুপৰি গ্ৰাহকে লাভ কৰিব ১৫০ এম বিৰ বিনামূলীয়া ডাটা।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: November 19, 2019, 5:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading