Jioই বন্ধ কৰিলে ফ্ৰী কল, Vodafone-Ideaই ক’লে – আমি গ্ৰাহকৰ পৰা নলওঁ কোনো চাৰ্জ

বুধবাৰে জিঅ’ই ঘোষণা কৰিছে যে এতিয়াৰে পৰা গ্ৰাহকৰ পৰা আন নেটৱৰ্কলৈ ফোন কৰিলে প্ৰতি মিনিটত ৬ পইচাকৈ ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জ লোৱা হ’ব।

News18-Assam
Updated:October 10, 2019, 3:32 PM IST
Jioই বন্ধ কৰিলে ফ্ৰী কল, Vodafone-Ideaই ক’লে – আমি গ্ৰাহকৰ পৰা নলওঁ কোনো চাৰ্জ
বুধবাৰে জিঅ’ই ঘোষণা কৰিছে যে এতিয়াৰে পৰা গ্ৰাহকৰ পৰা আন নেটৱৰ্কলৈ ফোন কৰিলে প্ৰতি মিনিটত ৬ পইচাকৈ ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জ লোৱা হ’ব।
News18-Assam
Updated: October 10, 2019, 3:32 PM IST
ৰিলায়েঞ্চ জিঅ’ই গ্ৰাহকৰ পৰা ইণ্টাৰকানেক্ট চাৰ্জ লোৱাৰ ঘোষণা কৰাৰ পিছতে ভোডাফোন–আইডিয়াই গ্ৰাহকৰ পৰা IUC চাৰ্জ নলয় বুলি মন্তব্য কৰিছে। অন্য নেটৱৰ্কলৈ কল কৰাৰ বাবদ গ্ৰহকৰ পৰা ধন লোৱাৰ কোনো উদ্দেশ্য নাই বুলি মন্তব্য কৰিছে কোম্পানীটোৱে। ভোডাফোন–আইডিয়া কৰ্তৃপক্ষই মন্তব্য কৰিছে যে গ্ৰাহকে ফোন কৰাৰ সময়ত কোন নেটৱৰ্কৰ নম্বৰলৈ ফোন কৰিছে সেয়া ভাবিবলগা হোৱাটো তেওঁলোকে নিবিচাৰে।

উল্লেখযোগ্য যে বুধবাৰে জিঅ’ই ঘোষণা কৰিছে যে এতিয়াৰে পৰা গ্ৰাহকৰ পৰা আন নেটৱৰ্কলৈ ফোন কৰিলে প্ৰতি মিনিটত ৬ পইচাকৈ ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জ লোৱা হ’ব।

NEWS18ক দিয়া এক মন্তব্যত ভোডাফোন–আইডিয়াই কয় যে IUC অৰ্থাৎ ইণ্টাৰকানেক্ট ইউজেছ চাৰ্জ অপাৰেটৰ মাজৰ বিষয় আৰু ইয়াৰ প্ৰভাৱ গ্ৰাহকৰ ওপৰত পৰাটো উচিত নহয়। ভোডাফোন আইডিয়াই কয় যে কোম্পানীটোৱে সমগ্ৰ ভাৰতত গ্ৰাহকক 2G, 3G আৰু 4G সেৱা দি আছে। এতিয়াও ৫০ শতাংশতকৈ অধিক গ্ৰাহকে নিজৰ ফিচাৰ ফোনত 2G নেটৱৰ্ক ব্যৱহাৰ কৰে। তাৰ পিছতে কোম্পানীয়ে তেওঁলোকলৈ সেৱা আগবঢ়াই আছে।

অৱশ্যে ৰিলায়েঞ্চ জিঅ’ই যি টপআপ ইয়াৰ বাবে মুকলি কৰিছে তাত টকটাইমৰ লগতে ফ্ৰী ডাটাও লাভ কৰিব। প্ৰতি ১০ টকাৰ ৰিচাৰ্জত গ্ৰাহকে ১ জিবিৰ ডাটা লাভ কৰিব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি