ভোডাফোনৰ গ্ৰাহকৰ বাবে বেয়া খবৰ! পূৰ্বতকৈ বৃদ্ধি পাব গ্ৰাহকৰ খৰচ

News18 Assam | News18-Assam
Updated:December 1, 2019, 4:34 PM IST
ভোডাফোনৰ গ্ৰাহকৰ বাবে বেয়া খবৰ! পূৰ্বতকৈ বৃদ্ধি পাব গ্ৰাহকৰ খৰচ
ভোডাফোনে নতুন ৰিচাৰ্জ প্লেন কেইবাটাও ভাগত বিভক্ত কৰিছে।

ভোডাফোনে নতুন ৰিচাৰ্জ প্লেন কেইবাটাও ভাগত বিভক্ত কৰিছে।

  • Share this:
ভোডাফোন–আইডিয়াই বৃদ্ধি কৰিছে সেৱাৰ দৰ। কোম্পানীয়ে প্ৰিপেইড গ্ৰাহকৰ বাবে ২ দিন, ২৮ দিন, ৮৪ দিন আৰু ৩৬৫ দিনৰ বৈধতাৰ নতুন প্লেন ঘোষণা কৰিছে। পূৰ্বৰ তুলনাত নতুন প্লেন প্ৰায় ৪২ শতাংশ অধিক খৰচী হ’ব।

CNBC আৱাজৰ তথ্য অনুসৰি, কোম্পানীটোৰ আটাইতকৈ সুলভ প্লেন এতিয়া ৪৯ টকাৰ হ’ব। ভোডাফোনৰ ৪৯ টকাৰ প্লেনত ৩৮ টকাৰ টকটাইম জিয়া হ’ব। এই প্লেনত ১০০ MBৰ ডাটা পাব গ্ৰাহকে। ভোডাফোনে কয় যে এই নতুন প্লেন ৩ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ’ব।

ভোডাফোনে নতুন ৰিচাৰ্জ প্লেন কেইবাটাও ভাগত বিভক্ত কৰিছে। ইয়াৰ ভিতৰত Combo Vouchers, unlimited packs, (28 days validity) unlimited packs (84 days validity), unlimited annual packs (365 days validity), unlimited sachet আৰু first recharge কেটেগৰী।

জানিব পৰা মতে, কোম্পানীয়ে ৪৯ টকাৰ প্লেনত ৩৮ টকাৰ টকটাইম প্ৰদান কৰিব। এই প্লেনৰ ভেলিডিটী হ’ব ২৮ দিন। ইয়াৰ সৈতে পাব ১০০MBৰ ডাটা।

আনহাতে, ৭৯ টকাৰ প্লেনত ৬৪ টকাৰ টকটাইমৰ সৈতে ২৮ দিনৰ ভেলিডিটী পাব। লগতে গ্ৰাহকে পাব ২০০ MB ডাটা।

১৪৯ টকাৰ প্লেনত পাব আনলিমিটেড ভইচ কল, ২GB ডাটা আৰু ৩০০ SMS। ২৪৯ টকাৰ প্লেনত পাব আনলিমিটেড ভইচ কল আৰু ১.৫ GB ডাটা আৰু ৩০০ SMS।



২৯৯ টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ লগতে লাভ কৰিব 2GB ডাটা, ১০০ SMSৰ সুবিধা।

১৪৯৯ টকাৰ প্লেনত গ্ৰাহকে পাব আনলিমিটেড ভইচ কল, ২৪GB ডাটা, ৩৬০০ SMSৰ লগতে ৩৬৫ দিনৰ ভেলিডিটী।


News18 Hindi पर सबसे पहले Hindi News पढ़ने के लिए हमें यूट्यूबफेसबुक और ट्विटर पर फॉलो करें. देखिए गैजेट्स से जुड़ी लेटेस्ट खबरें.


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি