ৰিলায়েন্স ৰিটেইলৰ মিচন ‘ভকেল ফৰ লোকেল’ৰ জৰিয়তে হাঁহি বিৰিঙিছে দেশৰ অসংখ্য কাৰিকৰৰ মুখত

News18 Assam | News18-Assam
Updated:November 23, 2020, 8:58 PM IST
ৰিলায়েন্স ৰিটেইলৰ মিচন ‘ভকেল ফৰ লোকেল’ৰ জৰিয়তে হাঁহি বিৰিঙিছে দেশৰ অসংখ্য কাৰিকৰৰ মুখত
‘Indie by AJIO’ and ‘Swadesh’-ৰ জৰিয়তে স্থানীয় কাৰিকৰসকলে কর্মসংস্থান লাভৰ লগতে সামগ্ৰীও বিক্ৰী কৰিছে।

‘Indie by AJIO’ and ‘Swadesh’-ৰ জৰিয়তে স্থানীয় কাৰিকৰসকলে কর্মসংস্থান লাভৰ লগতে সামগ্ৰীও বিক্ৰী কৰিছে।

  • Share this:
আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান জনাইছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই কামত সহযোগ কৰিছে দেশৰ বিভিন্ন কোম্পানী তথা প্ৰতিষ্ঠানে। এইক্ষেত্ৰত পিছ হুঁহকি ৰোৱা নাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজো। স্থানীয় কাৰিকৰসকলে প্ৰস্তুত কৰা সামগ্ৰীকে গুৰুত্ব দিছে ৰিলায়েন্স ৰিটেইলে। এই উৎসৱৰ সময়ত ৪০ হাজাৰৰ অধিক কাৰিকৰৰ সামগ্ৰী দেশৰ ৫০-ৰ অধিক জিআই ক্লাষ্টাৰত প্ৰদৰ্শিত হৈছে। ‘Indie by AJIO’ and ‘Swadesh’-ৰ জৰিয়তে স্থানীয় কাৰিকৰসকলক সংস্থাপনৰ লগতে সামগ্ৰী বিক্ৰী কৰাৰো সুযোগ প্ৰদান কৰা হৈছে। ইয়াৰ লগত জৰিত হৈ পৰিছে এতিয়া ৩০ হাজাৰৰো অধিক কাৰিকৰ। পিন্ধা কাপোৰ, টেক্সটাইল, হেণ্ডিক্ৰাফট তথা হেণ্ডমেইড বিভিন্ন সামগ্ৰী ইয়াত দেখা গৈছে।

ৰিলায়েন্স ফেশ্যন তথা লাইফষ্টাইলৰ প্রেচিডেন্ট অখিলেশ প্রসাদে জনায়,‘‘আমি সুখী যে, বিগত কেইবাবছৰ ধরি আমাৰ উন্নয়নৰ প্ৰয়াস সফল হৈছে। যথেষ্ট সংখ্যক কাৰিকৰ ইয়াৰ সৈতে জৰিত হৈছে। কাৰিকৰসকলৰ কামৰ দক্ষতাও যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে।’’

কাৰিকৰসকলৰ দক্ষতা বৃদ্ধিৰ লগতে কামৰ মানো উন্নত হৈছে। ৰিলায়েন্স ৰিটেইলৰ সাফল্যৰ আঁৰত আছে বিভিন্ন ঐতিহ্যশালী হেণ্ডমেড প্ৰডাক্ট। ইয়াৰ চাহিদাও দিনক দিনে বৃদ্ধি পাইছে। গ্ৰাহকৰ পচন্দ তথা চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰীসমূহ প্ৰস্তুত কৰা হৈছে ৷ Indie by AJIO হৈছে এক স্থানীয় কাৰিকৰ তথা তেওঁলোকৰ হস্তনিৰ্মিত সামগ্ৰীৰ কাৰণে থকা অনলাইন বজাক ৷ আনহাতে AJIO প্লেটফ’ৰ্মৰ জৰিয়তে পিন্ধা কাপোৰ, গহণাৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ লাইফষ্টাইলৰ প্ৰডাক্ট পোৱা যায়। দেশৰ বিভিন্ন প্ৰান্তৰ কাৰিকৰ জৰিত ইয়াৰ সৈতে।
First published: November 23, 2020, 8:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading