PM Modi birthdayPM Narendra Modi 70th Birthday: ৭০বছৰীয়া হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৪চনত প্ৰথমবাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰা নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে ২০১৯চনত বিজেপিয়ে বিপুল জয় লাভ কৰি দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিছিল। ইতিমধ্যে নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে দেশ–বিদেশৰ বিভিন্নজন নেতাই। ইয়াৰ মাজতে মোদীলৈ বিশেষ শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। তেওঁ লিখিছেঃ
প্ৰধানমন্ত্ৰী মহোদয়,আপোনাৰ ৭০ বছৰীয়া জন্মদিনত মোৰ আন্তৰিক অভিনন্দন গ্ৰহণ কৰিব।চৰকাৰৰ মুৰব্বী হিচাপে আপুনি যিদৰে কাম-কাজ কৰিছে, তাৰ জৰিয়তে আপুনি নিজৰ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় স্তৰতো সন্মান অৰ্জন কৰিছে। আপোনাৰ নেতৃত্বত ভাৰতবৰ্ষ সামাজিক-অৰ্থনৈতিক,বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দিশত সফলতাৰে আগবাঢ়ি গৈছে।এইটো নিৰ্নয় কৰা টান যে, আমাৰ দুয়োখন দেশৰ মাজৰ বিশেষ কৌশলগত সম্পৰ্ক শক্তিশালী কৰাত আপোনাৰ ব্যক্তিগত অৰিহণা কিমান!আমাৰ দুয়োখন দেশৰ মাজত গঢ়ি উঠা বন্ধুত্বপূৰ্ণ আৰু সুন্দৰ সম্পৰ্কক মই শ্ৰদ্ধা কৰো। গঠনমূলক আলোচনাৰ লগতে দ্বিপাক্ষীক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত একেলগে আগবাঢ়ি যাবলৈ মই আগ্ৰহী।আন্তৰিকতাৰে , আপোনাৰ সুস্বাস্থ্য, সুখ আৰু সফলতা কামনা কৰিছো।ভি পুটিন
ৰাষ্ট্ৰপতি, ৰাছিয়ান ফেডাৰেশ্যনউল্লেখ্য যে, মোদী আৰু পুতিনৰ মাজত ভাল সম্পৰ্ক থকাৰ লগতে দুইখন দেশৰ মাজত মৈত্ৰী যথেষ্ট সুদৃঢ় হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী ২০৩৬চনলৈকে শাসনৰ দায়িত্বত থকাৰ কথা নিশ্চিত হোৱাৰ পিছত প্ৰথম শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰা নেতাজনেই আছিল মোদী।
যোৱা মাহকেইটাতো ভাৰত–চীনৰ মাজৰ সংঘাত নিৰসন কৰাৰ ক্ষেত্ৰত ৰাছিয়াই গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। যোৱা সপ্তাহত মস্কোত ৰাছিয়াৰ উদ্যোগতে তিনিওখন দেশৰ নেতৃত্বই সীমান্তৰ বিবাদক লৈ আলোচনাত মিলিত হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|