মুখ্যপৃষ্ঠা »খবৰ »দেশ »হেলমেট পৰিধান নকৰা বাবে চাৰিচকীয়া বাহন চালকক জৰিমনা ট্ৰেফিক আৰক্ষীৰ

হেলমেট পৰিধান নকৰা বাবে চাৰিচকীয়া বাহন চালকক জৰিমনা ট্ৰেফিক আৰক্ষীৰ

 যান–বাহন আইন ভংগক লৈ অহা জৰিমনাৰ বাৰ্তাবোৰে জলাকলা খুৱাইছে চালকক।

যান–বাহন আইন ভংগক লৈ অহা জৰিমনাৰ বাৰ্তাবোৰে জলাকলা খুৱাইছে চালকক।

  • Share this:

ৰাজেশ নামৰ এগৰাকী লোকে পৰিয়ালৰ সৈতে চাৰিচকীয়া লৈ বিশাখাপট্টনম বীচ্চলৈ গৈছিল। যেতিয়া সন্ধিয়া ঘৰলৈ আহে তেওঁ এটা বাৰ্তা লাভ কৰে। এয়া আৰক্ষীৰ চালান, য'ত লিখা আছিল যে হেলমেট পৰিধান নকৰা বাবে তেওঁক জৰিমনা বিহা হৈছে।


হতচকিত ৰাজেশ। কিন্তু তেওঁ সঁচাকৈ হেলমেট পিন্ধা নাছিল তেওঁ উঠা চাৰিচকীয়া বাহনত! এই ঘটনা বাংগালুৰুৰ ষ্টিল চিটী ৰূপে পৰিচিত বিশাখাপট্টনম (Visakhapatnam)ৰ। চহৰখনত এতিয়া যান–বাহন আইন ভংগক লৈ অহা জৰিমনাৰ বাৰ্তাবোৰে জলাকলা খুৱাইছে বাসিন্দা তথা চালকসকলক।


এনে বহু ঘটনা পোহৰলৈ আহিছে, য'ত বাইকচালকক জৰিমনা বিহা হৈছে ছীটবেল্ট নমৰা বাবে, আন কাৰোবাক জৰিমনা বিহা হৈছে ঘৰত পাৰ্কিং কৰা বাহনখন ন' পাৰ্কিং এৰিয়াত ৰখোৱা বাবে।


উল্লেখ্য, যান–বাহনৰ সমস্যা বৃদ্ধি হোৱাৰ লগে লগে বহুতো চালকে সংকেত বা নিয়মাৱলীৰ প্ৰতি গুৰুত্ব নিদিয়াত পথ দুৰ্ঘটনা বৃদ্ধি পাইছে চহৰখনত। এনে অৱস্থাত যান-বাহন আৰক্ষীয়ে পদক্ষেপ ৰূপে চহৰখনত কাম কৰা হোম গাৰ্ডৰ পৰা চিআইলৈকে সকলোকে যান-বাহন উলংঘনৰ ফটো তুলিবলৈ দিছে আৰু ই-চালান পঞ্জীয়ন কৰিবলৈ অনুমতি দিছে।


গৃহৰক্ষী আৰু কনিষ্টবলসকলে তেওঁলোকৰ চেল ফোনত ফটো তুলি এছআই আৰু চিআইলৈ প্ৰেৰণ কৰিব লাগে তেওঁলোকৰ বিৱৰণ আৰু অৱস্থান উল্লেখ কৰি। ইয়াৰ পিছতে বাহন নম্বৰৰ ভিত্তিত কৰি বাহনৰ মালিকক ই-চালান জাৰি কৰে। কিন্তু ইয়াতে হৈছে এনে ভুলি, চাৰিচকীয়াই পাইছে হেলমেট পৰিধান নকৰাৰ চালান বা দুচকীয়াৰ চালকে পাইছে ছীটবেল্ট নলগোৱাৰ চালান।


এতিয়া ইয়াকে লৈ বহুতো ভুক্তভোগীয়ে আৰক্ষী থানালৈ গৈছে আৰু এইবোৰৰ বিষয়ে অভিযোগ কৰি আছে।

শেহতীয়া বাতৰি