মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»অন্ধ্ৰ প্ৰদেশ গেছ ট্ৰেজেদীঃ কোৰোণা ভাইৰাছৰ কাৰণে উশাহ বন্ধ হোৱা বুলি ভাবিছিল গেছ আক্ৰান্তই! হাস্পতাল ভৰি পৰিছে অসুস্থ শিশুৰে

অন্ধ্ৰ প্ৰদেশ গেছ ট্ৰেজেদীঃ কোৰোণা ভাইৰাছৰ কাৰণে উশাহ বন্ধ হোৱা বুলি ভাবিছিল গেছ আক্ৰান্তই! হাস্পতাল ভৰি পৰিছে অসুস্থ শিশুৰে

News18 Assam | News18-Assam
Updated:May 7, 2020, 2:04 PM IST
অন্ধ্ৰ প্ৰদেশ গেছ ট্ৰেজেদীঃ কোৰোণা ভাইৰাছৰ কাৰণে উশাহ বন্ধ হোৱা বুলি ভাবিছিল গেছ আক্ৰান্তই! হাস্পতাল ভৰি পৰিছে অসুস্থ শিশুৰে
Andhra Pradesh Gas Leak News: বিষাক্ত গেছ নিৰ্গমনৰ এই ঘটনা সংঘটিত হৈছে আৰ আৰ ভেংকটপুৰম স্থিত LG পলিমাৰ্চৰ পৰা। এই তিনি কিলোমিটাৰৰ অধীনত ৰাইজ আতংকিত হৈ যধে মধে দৌৰিবলৈ ধৰে। 

Andhra Pradesh Gas Leak News: বিষাক্ত গেছ নিৰ্গমনৰ এই ঘটনা সংঘটিত হৈছে আৰ আৰ ভেংকটপুৰম স্থিত LG পলিমাৰ্চৰ পৰা। এই তিনি কিলোমিটাৰৰ অধীনত ৰাইজ আতংকিত হৈ যধে মধে দৌৰিবলৈ ধৰে। 

  • Share this:
বিশাখাপট্টনমৰ কেমিকেল প্লাণ্টত নিশা তিনি বজাত বিষাক্ত গেছ নিৰ্গত হোৱাক লৈ হুৱা–দুৱাৰ সৃষ্টি হয়। আক্ৰান্তৰ মাজত কোৰোণা ভাইৰাছৰ কাৰণে এনে হোৱাৰ উৰা বাতৰি বিয়পি পৰাত হাহাকাৰ লাগি যায়। আতংকিত বহুতেই চাদত শুই থকাৰ পৰা উঠি আহি ঘৰত দুৱাৰ বন্ধ কৰি সোমাই পৰে কিন্তু উশাহ লোৱাত কষ্ট ক্ৰমাৎ বাঢ়ি যায়। ৫০০০ৰো অধিক লোক আক্ৰান্ত হৈ পৰে।

‘নৱভাৰত টাইমছৰ’ৰ মতে, নিশা তেতিয়া প্ৰায় তিনি বাজিছিল। বিশাখাপট্টনমৰ নায়ডু থটা এলেকাত মানুহ তেতিয়া গভীৰ নিদ্ৰাত। হঠাৎ একাংশ লোকে দম বন্ধ হোৱাৰ দৰে অনুভৱ কৰে। উশাহ লোৱাত প্ৰচণ্ড কষ্ট পাই মানুহে চটফটাবলৈ ধৰে। আতংকিত ৰাইজে ভাবে বতাহত কোৰোণা ভাইৰাছ বিয়পি পৰিছে! লগে লগে অতি আতংকত চাদত শুই থকাসকল ঘৰত সোমাই পৰে। দৰ্জা–খিৰিকী সকলো বন্ধ কৰি লয়। তেতিয়াও দম বন্ধ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ নোপোৱাত ৰাজপথলৈ আহি যধে–মধে দৌৰিবলৈ ধৰে। এই ভয়ৰ পৰিৱেশ ইমান তীব্ৰ আছিল যে যিয়ে যেনেকৈ পাৰে আন্ধাৰৰ মাজত যেনি–তেনি দৌৰিবলৈ ধৰে। প্ৰায় তিনি কিলোমিটাৰ জোৰা পথত ঘটনা ঘটে। 

উশাহ বন্ধ হোৱাৰ কাৰণে চিন্তা শক্তি লোপ পোৱা দৌৰি থকা একাংশ পথৰ দাঁতিৰ নলাত পৰেগৈ। একাংশ অচেতন হৈ পথত বাগৰি পৰে। উশাহ ইমানেই বেয়াকৈ বন্ধ হৈ পৰে যে মৃত্যু সন্নিকট যেন হৈ পৰে বহুতৰ। আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ফৰ্চ আহি সেই ঠাইত উপস্থিত হয়। কিছু সময়ৰ পিছত গম পোৱা যায় যে সমীপৰ এটা কেমিকেল ফেক্টৰীৰ পৰা গেছ নিৰ্গত হৈছে।

গেছ লীকৰ এই কাণ্ড ইমানেই ভয়াৱহ আছিল যে এইপৰ্যন্ত কমেও ৮জন লোকৰ মৃত্যুৰ খবৰ আহিছে। ৫০০০ৰো অধিক লোক বিষাক্ত গেছৰ আওতাত আহি অসুস্থ হৈ পৰিছে। ফেক্টৰীটোৰ তিনি কিলোমিটাৰ দূৰত্বৰ গাঁৱৰ লোক এই গেছ নিৰ্গতৰ চিকাৰ হয়। একাংশই অভিযোগ কৰা মতে গেছ নিৰ্গত হোৱাৰ ফলত শৰীৰত আঁচোৰ দেখিবলৈ পোৱা গৈছে আৰু চকু জ্বলা–পোৰা কৰিছে। গোপালপটনমৰ চক্ৰ বিষয়াৰ মতে তেওঁলোকে কমেও ৫০জন লোকক পথত অচেতন অৱস্থাত উদ্ধাৰ কৰে। সেই ঠাইলৈ যোৱা যথেষ্ট কঠিন হৈ পৰিছে।

বিষাক্ত গেছ নিৰ্গতৰ খবৰৰ পিছতে আৰক্ষীয়ে সেই ঠাইৰ পৰা লোকসকলৰ বাহিৰলৈ অনাৰ ব্যৱস্থা কৰিছে। NDRF আৰু SDRFৰ দলো সেই ঠাইত মোতায়েন কৰা হৈছে। আৰক্ষীয়ে ৰাইজক ঘৰৰ পৰা ওলাই সুৰক্ষিত ঠাইলৈ যোৱাৰ কাৰণে আপীল কৰিছে।

গেছ নিৰ্গত হোৱা প্লাণ্টত তৈয়াৰ হয় প্লাষ্টিক

হিন্দুস্তান পলিমাৰ কোম্পানীৰ প্ৰতিষ্ঠা ১৯৬১চনত হৈছিল। ১৯৯৭চনত কোম্পানীটো সৈতে দক্ষিণ কোৰিয়াৰ এল জি কেমিকেলে টেক অভাৰ কৰে ইয়াক এল জি পলিমাৰ নাম দিয়ে। প্লাণ্টত প্লাষ্টিক পাইপ নিৰ্মাণৰ কাম চলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিষাক্ত গেছ নিৰ্গতৰ ঘটনাক লৈ ইতিমধ্যে এক জৰুৰী বৈঠকৰ আহ্বান কৰিছে। উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও।



কণ কণ শিশুৰে ভৰি পৰিছে হাস্পতাল। বিশাপট্টনমৰ গেছ কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

 
First published: May 7, 2020, 11:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি