বাজেট স্মাৰ্টফোন লাগে? আপোনাৰ কাৰণে উপলব্ধ শ্ৰেষ্ঠ বাজেট ফোন vivo U10

vivo U10 হৈছে একমাত্ৰ বাজেট স্মাৰ্টফোন যিটো কিনাৰ কথা আপুনি চিন্তা কৰা উচিত!

News18-Assam
Updated:October 29, 2019, 12:53 PM IST
বাজেট স্মাৰ্টফোন লাগে? আপোনাৰ কাৰণে উপলব্ধ শ্ৰেষ্ঠ বাজেট ফোন vivo U10
vivo U10 হৈছে একমাত্ৰ বাজেট স্মাৰ্টফোন যিটো কিনাৰ কথা আপুনি চিন্তা কৰা উচিত!
News18-Assam
Updated: October 29, 2019, 12:53 PM IST
আপুনি এতিয়াও ভাল বাজেট স্মাৰ্টফোন বিচাৰি আছে নেকি? এবাৰ vivo U10-ত চকু ফুৰাই চাওকচোন।

আজিকালিৰ স্মাৰ্টফোন কোম্পানীবিলাকে নিত্য নতুন অফাৰেৰে বজাৰ দখল কৰিবলৈ চেষ্টা কৰিছে যদিও কেৱল কেইটামান কোম্পানীয়েহে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। vivo U10 তেনেধৰণৰ এক স্মাৰ্টফোন যিটো সেইসকল ব্যক্তিৰ বাবে নিৰ্মাণ কৰা হৈছে যিসকলে নতুন অভিজ্ঞতা বিচাৰি ফুৰে। ভাৰতত প্ৰথমবাৰৰ বাবে vivo-ৰ U ছিৰিজটো মুকলি কৰি দিয়া হৈছে। কিছুদিন পূৰ্বে মুক্তি লাভ কৰা এই  vivo U10-ৰ কথা সকলোৰে মুখে মুখে আৰু ইয়াৰ প্ৰশংসা সৰ্বত্ৰ!

বাজেট স্মাৰ্টফোনৰ ক্ষেত্ৰখনত এই vivo U10 ফোনটো ব্যৱহাৰ কৰাৰ সুযোগ পাই, আমি ইয়াৰ অনন্য কিছুমান ফীছাৰৰ বিষয়ে জানিব পাৰিলোঁ যিয়ে আজিৰ সময়ত ইয়াক অতুলনীয় কৰি তুলিছে। vivo U10 স্মাৰ্টফোনটোৱে উত্তম ফীছাৰৰ যোগেদি গ্ৰাহকৰ মনত কেনেকৈ আশাৰ সঞ্চাৰ কৰিছে চাওঁ আহক।

ডিজাইন আৰু ডিছপ্লে

vivo U10-ত আছে এক Halo FullView™, HD+ IPS 6.35 ইঞ্চিৰ টাছস্ক্ৰীন ডিছপ্লে, যাৰ এছপেক্ট অনুপাত হৈছে 19.5:9, স্ক্ৰীন টু বডী অনুপাত হৈছে 81.91 %, আৰু আছে 720 x 1544 পিক্সেলৰ ৰিজলুশ্যন। 159.4 মি.মি. x 76.7 মি.মি. x 8.9 মি.মি. মাপৰ এই ফোনটোৰ ওজন হৈছে 190.5 গ্ৰাম। ডিজাইনৰ কথা ক’বলৈ গ’লে স্মাৰ্টফোনটোৰ ইলেক্ট্ৰিক ব্লু প্লাষ্টিক বডীটো দেখিবলৈ অতি আকৰ্ষণীয় আৰু লগতে আছে গ্ৰেডিয়েন্ট ফিনিশ্ব এনে এক ৰঙৰ সৈতে, যিটো পিক’ক গ্ৰীণৰ পৰা আৰম্ভ হৈ তলফালে ডাৰ্ক ব্লুলৈ ক্ৰমান্বয়ে ধূসৰ হয়। এই স্মাৰ্টফোনটো থাণ্ডাৰ ব্লেক ৰঙতো উপলব্ধ।

তাৰোপৰি, ই হাতত ধুনীয়াকৈ খাপ খায়, যিটো দেখিবলৈ ভাললগা হোৱাৰ লগতে ব্যৱহাৰ কৰিবলৈ অতি আৰামদায়ক। তেওঁলোকে এক সৰল কিন্তু ক্লাছযুক্ত ডিজাইন নিৰ্মাণ কৰিছে যিটোৱে সহজেই দৃষ্টি আকৰ্ষণ কৰে। 

পাৰফৰ্মেন্স

vivo U10 স্মাৰ্টফোনটোৱে এক Qualcomm Snapdragon 665 প্ৰছেছৰৰ দ্বাৰা শক্তি আহৰণ কৰে। এই স্মাৰ্টফোনটো চলে Android 9 Pie-ৰ ভিত্তিত নিৰ্মিত FunTouch OS 9-ত, যি এক নিৰন্তৰ পাৰফৰ্মেন্সৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। এই ফোনটোত আছে 3GB আৰু 4GB RAM আৰু 32GB আৰু64GB ষ্ট’ৰেজ। ফোনটোত থকাৰ দৰে, ডাউনলোড কৰি লোৱা এপসমূহলৈ অহা-যোৱা কৰাটো ইমান সহজ কেতিয়াও নাছিল। যিকোনো এটা এপৰ পৰা আন এটালৈ যোৱাটো মাখনৰ দৰেই মসৃণ আৰু ইয়াত নিৰন্তৰ কাৰ্যক্ষমতা লাভ কৰা হয়। 

বেটেৰীৰ জীৱনকাল

এইটো ফোনৰ চমকলগা এটি বৈশিষ্ট্য হৈছে- বেটেৰীৰ জীৱনকাল। vivo U10-ক শক্তি প্ৰদান কৰে এক শক্তিশালী 5000mAh বেটেৰীয়ে, যিটোৰ বাবে আছে 18W দ্ৰুতবেগী চাৰ্জিং ছাপৰ্ট। আপুনি যদি খৰখেদাকৈ যাবলগীয়া হয়, তেন্তে 10 মিনিট চাৰ্জ কৰিলেই আপুনি 4.5 ঘন্টালৈকে কল-টাইম লাভ কৰিব, যিটোৰ সহায়ত আপুনি নিৰ্বিঘ্নে দিনটো ফোনটো ব্যৱহাৰ কৰিব পাৰিব। এইটো হৈছে ইয়াৰ বিক্ৰী হোৱাৰ এক প্ৰধান কাৰণ| আমি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নিশ্চয় হৈছো। 

অন্যহাতে আলট্ৰা গেম ম’ডটো অতুলনীয়। ইয়াত অনেক গেমিং-সম্পৰ্কীয় বৈশিষ্ট্য আছে, যেনে- গেম কাউন্টডাউন, 4D ভাইব্ৰেশ্যন, ল’ ব্লু ৰে গেম আই প্ৰটেকশ্যন ইত্যাদি। শক্তিশালী 5000mAh বেটেৰীটোৱে নিশ্চিত কৰে যে আপুনি যিমান দেৰিলৈকে বিচাৰে, সিমান দেৰি গেম খেলিব পাৰিব। আন স্মাৰ্টফোনবিলাকৰ বিপৰীতে vivo U10-এ প্ৰতিশ্ৰুতি দিয়ে যে আপুনি অনেক মসৃণ আৰু বাধাহীনভাৱে গেম খেলিব পাৰিব।

কেমেৰাৰ বৈশিষ্ট্যসমূহ

কোনো গ্ৰাহকে কেমেৰাৰ কথা নজনাকৈ স্মাৰ্টফোন ক্ৰয় নকৰে। দিনটোত এখন ছেলফি নল’লে কেনেকৈ চলিব, নহয় জানো? কেমেৰাৰ বিষয়ে ক’বলৈ হ’লে vivo U10-ত আছে এক ট্ৰিপল ৰীয়েৰ কেমেৰা ছেট-আপ, f/2.2 aperture-ৰ সৈতে এক 13MP ছেন্সৰ, f/2.2 aperture-ৰ সৈতে 8MP ৱাইড-এংগল লেন্স, পিছফালে f/2.4 aperture-ৰ সৈতে পৰ্ট্ৰেইট শ্বটৰ বাবে 2MP। আপুনি এতিয়া কালাৰ আৰু বেকড্ৰপৰ সঠিক বেলেন্সৰ সহায়ত আলট্ৰা-ৱাইড ফটো তুলিব পাৰিব। লগতে f/1.8 aperture-ৰ সৈতে ইয়াত আছে এক 8MP ফ্ৰন্ট কেমেৰা। ফোনটোৰ মূল্যলৈ চাই, কেমেৰাৰ পাৰফৰ্মেন্স আশা কৰাতকৈ অনেক বেছি উত্তম, বিশেষকৈ কিছু ইন্টাৰ্নেল বৈশিষ্ট্যৰ সৈতে, যেনে টাচ্চ টু ফকাছ, অটো ফ্লেশ্ব, ডিজিটেল জুম আৰু ফেচ ডিটেকশ্যন। আপুনি যদি ইনষ্টাগ্ৰামত নিজৰ বিষয়ে ছবিৰে কৈ ভাল পায়, তেন্তে এই ফোনটো নিশ্চয় পৰীক্ষা কৰি চাব।

ইয়াৰ মূল্য কিমান?

আপুনি এই ডিভাইছটোৰ মূল্য জানি আচৰিত হ’ব। Rs 8,990 মূল্যৰ ভেৰিয়েন্টটোত আছে 3GB RAM আৰু 32GB ইন্টাৰ্নেল ষ্ট’ৰেজ। আনহাতে Rs 9,990 মূল্যৰ ভেৰিয়েন্টটোত আছে 3GB RAM আৰু 64GB ইন্টাৰ্নেল ষ্ট’ৰেজ। আপুনি যদি 4GB RAM আৰু 64GB ষ্ট’ৰেজ থকা ভেৰিয়েন্টটো কিনিব খোজে, সেইটোৰ মূল্য Rs 10,990। বাজেট শ্ৰেণীত থকা অন্য স্মাৰ্টফোনৰ তুলনাত ইয়াৰ মূল্যই আকৰ্ষণ কৰিছে ক্ৰেতাক।


উপসংহাৰ

বৈশিষ্ট্যৰ দিশৰ পৰা চাবলৈ হ’লে বৰ্তমান বজাৰত vivo U10 স্পষ্ট ৰূপত এক শ্ৰেষ্ঠ স্মাৰ্টফোন। ইয়াত অকল্পনীয় বিশেষত্বৰে ভৰা কিছুমান ফীছাৰ আছে। আমি এইটোৰ শুৱনি ডিজাইন আৰু উত্তম পাৰফৰ্মেন্সৰ প্ৰেমত পৰিছো। সবাতোকৈ মজাৰ কথা হৈছে, এইটো দেখি মুঠেও নালাগে যে এইটো এটা বাজেট স্মাৰ্টফোন। ই সঁচাই অবিশ্বাস্য ৰূপত উপলব্ধ আৰু আপুনি বিনাদ্বিধাৰে এইটো ফোন ক্ৰয় কৰিব পাৰে।
(Partnered Post)

আৰু চাওক পৰৱৰ্তী বাতৰি