পুৱাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়তে বিশ্ব হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি ৰণজিৎ বচ্চনক মূৰত গুলিয়াই হত্যা কৰে দুৰ্বৃত্তই।
হাজৰাটগঞ্জত দেওবাৰে পুৱা বাইকত অহা দুৰ্বৃত্তই ৰণজিৎ বচ্চনলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। আৰু মূৰত গুলীবিদ্ধ হৈ ৰাজপথতে ঢলি পৰে বিশ্ব হিন্দু মহাসভাৰ নেতাগৰাকী। ঘটনাত আহত হৈছে ৰণজিৎৰ ভাতৃও। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।