অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী সলনি কৰা হৈছে। এতিয়া আৰু ৰাজ্যৰ ৰাজধানী অমৰাৱতী নহয়। এই সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বিশাখাপট্টনম অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ নতুন ৰাজধানী হিচাপে পৰিচিত হ’ব (Visakhapatnam to be Andhra Pradesh’s new capital)।
অন্ধ্ৰ প্ৰদেশে নিজ ভূখণ্ডত তেলেংগানা ৰাজ্য স্থাপন আৰু হায়দৰাবাদক তেলেংগানাৰ ৰাজধানী ৰূপে স্বীকৃতি দিয়াৰ ৯ বছৰৰ পিছত নিজ ৰাজধানীৰ স্থল বিশাখাপট্টনম বুলি ঘোষণা কৰিছে। দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ৱাই এছ আৰ কংগ্ৰেছৰ মুৰব্বী জগন ৰেড্ডীয়ে কয়, ‘আগন্তুক দিনত আমাৰ ৰাজধানী হ’বলগীয়া বিশাখাপট্টনমলৈ আপোনাক নিমন্ত্ৰণ জনাইছোঁ। মই নিজেই অনাগত মাহত বিশাখাপট্টনমলৈ স্থানান্তৰিত হ'ম।'
উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে বিশাখাপট্টনমত এখন বিশ্ব সন্মিলনৰ আয়োজন কৰাৰ কথা উল্লেখ কৰি অহা ৩ আৰু ৪ মাৰ্চত অনুষ্ঠিতব্য এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ সময়ত এই কথা ঘোষণা কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|