
ধোনীয়ে ২০০৫ চনত আত্মপ্ৰকাশ কৰিছিল আৰু কেইবছৰমান দ্ৰাবিড়ৰ অধিনায়কত্বত খেলিছিল।
ধোনীয়ে ২০০৫ চনত আত্মপ্ৰকাশ কৰিছিল আৰু কেইবছৰমান দ্ৰাবিড়ৰ অধিনায়কত্বত খেলিছিল।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ে (Rahul Dravid) শেহতীয়া বিজ্ঞাপনত তেওঁৰ 'খঙাল মেজাজ'ত দেখুওৱাৰ পিছত ছচিয়েল মিডিয়াত খলকনি উঠিছে। 'ইন্দিৰানগৰৰ গুণ্ডা' বিগত কেইদিনমানৰ পৰা টুইটাৰত ট্ৰেণ্ড হৈ আছে আৰু দ্ৰাবিড়ক অভিনয় আৰু তেওঁৰ ব্যক্তিত্বৰ এক পৃথক দিশ দেখুওৱাৰ বাবে প্ৰশংসা কৰা হৈছে। দ্ৰাবিড়ৰ সদায়েই শান্ত স্বভাৱৰ আছিল আৰু তেওঁৰ আছে যথেষ্ট মানসিক স্থিৰতা। কেতিয়াবাহে, দ্ৰাবিড়ক নিজৰ ধৈৰ্য্য হেৰুওৱা দেখা গৈছে।
অৱশ্যে, এনে এটা মুহূৰ্ত আছে যেতিয়া দ্ৰাবিড়ৰ এম এছ ধোনী (MS Dhoni)ৰ ওপৰত 'সঁচাকৈয়ে খং' উঠিছিল। ভাৰতৰ প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগে (Virender Sehwag) এটা ঘটনা মনত পেলাইছিল য'ত দ্ৰাবিড় ধোনীৰ সৈতে সুখী নাছিল (যি তেতিয়া নৱাগত আছিল)।
ছেহৱাগে কৈছিল যে দ্ৰাবিড়ে ব্যৱহাৰ কৰা 'ইংৰাজী শব্দ'ৰ ধুমুহাৰ দ্বাৰা তেওঁ 'আচৰিত' হৈছিল। তেওঁ এইটোও মন্তব্য কৰিছিল যে ধোনীয়ে তেওঁক কৈছিল যে তেওঁ দ্ৰাবিড়ৰ পৰা পুনৰ গালি শুনিব নিবিচাৰে।
"মই ৰাহুল দ্ৰাবিড়ক খং কৰা দেখিছোঁ। যেতিয়া আমি পাকিস্তানত আছিলো, আৰু এম.এছ. ধোনী এজন নৱাগত আছিল, তেওঁ এটা শ্বট খেলিছিল আৰু পইণ্টত ধৰা পৰিছিল। দ্ৰাবিড়ৰ এম এছ ধোনীৰ ওপৰত বহুত খং উঠিছিল। 'তুমি এইভাবেই খেলা নেকি? তুমি খেলবিধ শেষ কৰা উচিত। দ্ৰাবিড়ে ব্যৱহাৰ কৰা ইংৰাজী শব্দৰ ধুমুহাৰ বাবে মই নিজেই আচৰিত হৈছিলোঁ, যদিও মই ইয়াৰ আধা বুজি পোৱা নাছিলো," চেহৱাগে Cricbuzz ৰ ভিডিঅ' এটাত হ’ষ্ট সমীৰ কোচ্চাৰ আৰু আশীষ নেহৰাৰ সৈতে হোৱা বাৰ্তালাপত কয়।
"যেতিয়া এমএছে পৰৱৰ্তী বাৰ বেটিং কৰিছিল, মই দেখিছিলো যে তেওঁ অত্যাধিক শ্বট খেলি থকা নাছিল। মই গৈ তেওঁক সুধিছিলো কি ভুল আছিল। ধোনীয়ে কৈছিল যে তেওঁ দ্ৰাবিড়ৰ পৰা পুনৰ গালি শুনিব নিবিচাৰে। মই শান্তভাৱে শেষ কৰিম আৰু উভতি যাম," ছেহৱাগে প্ৰকাশ কৰে।
ধোনীয়ে ২০০৫ চনত আত্মপ্ৰকাশ কৰিছিল আৰু কেইবছৰমান দ্ৰাবিড়ৰ অধিনায়কত্বত খেলিছিল। ধোনী আৰু দ্ৰাবিড় দুয়ো তেওঁলোকৰ শান্ত ব্যক্তিত্বৰ বাবে জনাজাত কিন্তু আমি কেইবাজনো খেলুৱৈক এনে উদাহৰণৰ বিষয়ে কোৱা শুনিছো যেতিয়া কিংবদন্তি ক্ৰিকেটাৰসকলে তেওঁলোকৰ ধৈৰ্য্য হেৰুৱাইছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|