বিহাৰৰ এটা মুছলমান পৰিয়ালে ৰাম মন্দিৰ (Virat Ramayan Mandir) নিৰ্মাণৰ বাবে ভূমি দান কৰি ধৰ্মীয় সম্প্ৰীতিৰ এক বিৰল উদাহৰণ গঢ়িলে। পৰিয়ালটোৱে ৰাজ্যখনৰ পূব চম্পাৰণ জিলাৰ কাইথৱালিয়া অঞ্চলত বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ - বিৰাট ৰামায়ণ মন্দিৰ (Virat Ramayan Mandir) নিৰ্মাণৰ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান কৰে ৷ সোমবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকল্পটোৰ দায়িত্বত থকা পাটনাৰ মহাবীৰ মন্দিৰ ন্যাস (Mahavir Mandir Trust)ৰ মুৰব্বী আচাৰ্য কিশোৰ কুনালে (Acharya Kishore Kunal) কয় যে এই ভূমি পূব চম্পাৰণৰ এজন ব্যৱসায়ী ইছতিয়াক আহমেদ খানে দান কৰিছে ৷
আচাৰ্য কিশোৰ কুনালে সাংবাদিকক কয়, "তেওঁলোকে বৰ্তমান কেচৰিয়া মহকুমা (পূব চম্পাৰণ)ত পঞ্জীয়কৰ কাৰ্যালয়ত মন্দিৰ নিৰ্মাণৰ বাবে তেওঁৰ পৰিয়ালৰ ভূমি দান সম্পৰ্কীয় সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে।"
ইছতিয়াক আহমেদ খানে জনাইছে যে, বেছিভাগ ভূমি তেওঁলোকৰ পৰিয়ালৰ আৰু তেওঁ ভাবিছিল যে মন্দিৰ (Virat Ramayan Mandir) নিৰ্মাণৰ বাবে কিবা কৰাটো তেওঁৰো দায়িত্বৰ ভিতৰতে পৰে। এএনআইৰ সৈতে হোৱা বাৰ্তালাপত ইস্তিয়াকে কয়, "এয়া আমাৰ পৰিয়ালৰ পৰম্পৰা।"
আচাৰ্য কিশোৰ কুনালে কয় যে ইছতিয়াক আহমেদ খান আৰু তেওঁৰ পৰিয়ালে দিয়া এই অনুদানে দুয়োটা সম্প্ৰদায়ৰ মাজত সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে। তেওঁ লগতে কয় যে, মুছলমানসকলৰ সহায় অবিহনে এই সপোনৰ প্ৰকল্প (Virat Ramayan Mandir) বাস্তৱায়িত কৰাটো কঠিন হ'লহেঁতেন।
মহাবীৰ মন্দিৰ ন্যাসে এতিয়ালৈকে এই মন্দিৰ (Virat Ramayan Mandir) নিৰ্মাণৰ বাবে ১২৫ একৰ ভূমি লাভ কৰিছে। ট্ৰাষ্টে সোনকালেই অঞ্চলটোত আৰু ২৫ একৰ মাটি পাব। বিৰাট ৰামায়ণ মন্দিৰ কম্বোডিয়াৰ দ্বাদশ শতিকাৰ বিশ্ব বিখ্যাত আংকোৰ্ৱতত (Angkorvat)কৈও ওখ হ'ব। পূব চম্পাৰণৰ চৌহদত মুঠ ১৮টা মন্দিৰ থাকিব আৰু ইয়াৰ শিৱ মন্দিৰত বিশ্বৰ সৰ্ববৃহৎ শিৱলিঙ্গটো স্থাপন কৰা হ'ব।
সংখ্যালঘু সম্প্ৰদায়ৰ কোনো সদস্যই মন্দিৰৰ বাবে দান কৰা এয়াই প্ৰথম নহয়। যোৱা দুবছৰত উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰ (Ram Temple in Ayodhya) নিৰ্মাণৰ বাবে মুছলমান সম্প্ৰদায়ৰ ফালৰ পৰা অহা দান-বৰঙনিৰ বহু খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|