পৌৰ নিগমৰ নিয়ম অনুসৰি, দ্বিতীয়বাৰ পানী নষ্ট কৰিলে ২০০০ টকাৰ জৰিমনা আৰু তৃতীয়বাৰ পুনৰাবৃত্তি কৰিলে পানীৰ সংযোগ কৰ্তন কৰা হ’ব পাৰে।
পৌৰ নিগমৰ নিয়ম অনুসৰি, দ্বিতীয়বাৰ পানী নষ্ট কৰিলে ২০০০ টকাৰ জৰিমনা আৰু তৃতীয়বাৰ পুনৰাবৃত্তি কৰিলে পানীৰ সংযোগ কৰ্তন কৰা হ’ব পাৰে।
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ এছ ইউ ভি গাড়ীখন খোৱাপানীৰে ধোৱাৰ বাবে জৰিমনা বিহিলে পৌৰ নিগমে। গুৰগাঁওস্থিত কোহলীৰ বাসগৃহৰ বাহিৰত খোৱাপানীৰে গাড়ী ধুই আছিল কোহলীৰ ব্যক্তিগত সহায়ক দীপকে। সেই সময়তে পৌৰ নিগমৰ বিষয়া উপস্থিত হৈ ৫০০ টকাৰ জৰিমনা বিহে। পৌৰ নিগমৰ যুটীয়া আয়ুক্ত হৰিওম অত্ৰীয়ে কয় যে ডি এল এফ ফেজ–১ত কোহলীৰ প্ৰতিবেশীয়ে অভিযোগ দিছিল যে কোহলীৰ ঘৰৰ চৌহদত দৈনিক ৬–৭খন গাড়ী খোৱাপানীৰে ধোৱা হয়। প্ৰতিদিনে প্ৰায় ১৫০০ লিটাৰ পানী খৰচ কৰা হয় গাড়ী ধোৱাৰ নামত।
প্ৰথমবাৰ পানী অপচয় কৰাৰ বাবে ৫০০ টকাৰ জৰিমনা বিহা হয়। পৌৰ নিগমৰ নিয়ম অনুসৰি, দ্বিতীয়বাৰ পানী নষ্ট কৰিলে ২০০০ টকাৰ জৰিমনা আৰু তৃতীয়বাৰ পুনৰাবৃত্তি কৰিলে পানীৰ সংযোগ কৰ্তন কৰা হ’ব পাৰে।
পৌৰ নিগমৰ আয়ুক্ত যশপাল যাদৱে কয় – অভিযোগৰ পিছত অনুসন্ধান কৰাত ক্ৰিকেটাৰ বিৰাট কোহলীৰ ঘৰৰ বাহিৰত তেওঁৰ নিজা সহায়ক দীপকক গাড়ী ধুই থকা অৱস্থাত পোৱা যায়। উল্লেখযোগ্য, কেইবা সপ্তাহ ধৰি ডি এল এফ ফেজ ১, ২ আৰু ৩ত পানীৰ সংকটে দেখা দিছে। খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বাসিন্দাসকলে। কোহলীৰ লগতে আন কেইবাখনো গাড়ীৰ চালান কটা হৈছে যাতে খোৱাপানীৰ অপচয় নকৰে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|