• Home
  • »
  • News
  • »
  • nation
  • »
  • বিৰাট কোহলীৰ কন্যাক বলাৎকাৰৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

বিৰাট কোহলীৰ কন্যাক বলাৎকাৰৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

এই সন্দৰ্ভত দিল্লী মহিলা আয়োগেও দিল্লী আৰক্ষীলৈ জাননী প্ৰেৰণ কৰিছিল।

এই সন্দৰ্ভত দিল্লী মহিলা আয়োগেও দিল্লী আৰক্ষীলৈ জাননী প্ৰেৰণ কৰিছিল।

এই সন্দৰ্ভত দিল্লী মহিলা আয়োগেও দিল্লী আৰক্ষীলৈ জাননী প্ৰেৰণ কৰিছিল।

  • Share this:
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ কন্যাক বলাৎকাৰৰ ভাবুকি দিয়া এজন যুৱকক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ২৩ বছৰীয়া ৰামনাগেশ শ্ৰীনিবাস আকুবাথিনীক মুম্বাই আৰক্ষীৰ চাইবাৰ চেলে হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে। আকুবাথিনী পেছাত এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ। ইয়াৰ পূৰ্বে এটা ফুড ডেলিভাৰী এপৰ বাবে ছফ্টৱেৰ বনোৱাৰ কাম কৰিছিল।

মিডিয়া ৰিপ’ৰ্ট অনুসৰি, আকুবাথিনীক আৰক্ষীয়ে এতিয়া মুম্বাইলৈ অনাৰ ব্যৱস্থা কৰিছে। তেওঁ আইআইটি হায়দৰাবাদৰ পৰা বিটেক কৰিছে। উল্লেখযোগ্য যে আইচিচি টি–২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে পৰাজয়ৰ পিছত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীক খুব ট্ৰ’ল কৰা হৈছিল। তেওঁৰ ৯ মহীয়া কন্যাকো ভাবুকি দিয়া হৈছিল।

এই সন্দৰ্ভত দিল্লী মহিলা আয়োগেও দিল্লী আৰক্ষীলৈ জাননী প্ৰেৰণ কৰিছিল। মহিলা আয়োগৰ অধ্যক্ষা স্বাতী মালীৱালে টুইট কৰি কৈছিল যে যিধৰণে ৯ মহীয়া শিশুক টুইটাৰত ভাবুকি দিয়া হৈছে, এয়া লজ্জাজনক।
Published by:Sanjay Kumar Das
First published: