বিৰাট–অনুষ্কাৰ কন্যাৰ প্ৰথম ছবি, ছচিয়েল মিডিয়াত ভাইৰেল

বিৰুষ্কাৰ কণমানি কন্যাৰ প্ৰথম ফটো শ্বেয়াৰ কৰিলে বিৰাট কোহলীৰ ভাতৃ বিকাশ কোহলীয়ে।
বিৰুষ্কাৰ কণমানি কন্যাৰ প্ৰথম ফটো শ্বেয়াৰ কৰিলে বিৰাট কোহলীৰ ভাতৃ বিকাশ কোহলীয়ে।
- News18 Assam
- Last Updated: January 12, 2021, 10:46 AM IST
বিৰুষ্কাৰ কন্যা সন্তান জন্ম পোৱাৰ পিছতে বলীউদ আৰু ক্ৰিকেট জগতৰ পৰা শুভেচ্ছাৰ ঢল নামিছে। বিৰুষ্কাৰ কণমানি কন্যাৰ প্ৰথম ফটো শ্বেয়াৰ কৰিলে বিৰাট কোহলীৰ ভাতৃ বিকাশ কোহলীয়ে। নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা এটা সৰু ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে তেওঁ।
View this post on Instagram
ইফালে, বিৰাট কোহলীয়ে নিজৰ কন্যা সন্তান জন্মৰ পিছত আনন্দিত হৈ টুইট কৰিছিল। টুইটাৰত কোহলীয়ে লিখিছিল – আমি দুয়ো ৰোমাঞ্চিত, আজি বিয়লি আমাৰ কন্যান সন্তান ভূমিস্থ হৈছে। আপোনালোকৰ মৰম, সমৰ্থনৰ বাবে ধন্যবাদ। অনুষ্কা আৰু আমাৰ সন্তান দুয়ো কুশলে আছে। আমি আমাৰ নতুন জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছো। আমাৰ গোপনীয়তাক মান্যতা দিব বুলি আশা কৰিছো। – বিৰাট।