உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Viral Wedding : বিয়াত আন পুৰুষৰ সৈতে নচাৰ বাবে দৰাই কইনাৰ গালত শোধালে প্ৰচণ্ড চৰ! খঙত ভাতৃৰ ডিঙিতে বৰমালা পিন্ধালে কইনাই

    Viral Wedding : বিয়াত আন পুৰুষৰ সৈতে নচাৰ বাবে দৰাই কইনাৰ গালত শোধালে প্ৰচণ্ড চৰ! খঙত ভাতৃৰ ডিঙিতে বৰমালা পিন্ধালে কইনাই

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    বিয়া ভাঙি যোৱাৰ পিছত পানৰুতিৰ মহিলা থানাত অভিযোগ দাখিল কৰে যুৱকজনে। তেওঁৰ অভিযোগ, হ’বলগীয়া পত্নীক তেওঁ প্ৰশ্ন কৰিছিল, কিয় আনৰ সৈতে নাচিছে, যুৱতীগৰাকীয়ে উত্তৰ দিলে, মোৰ ইচ্ছা।

    • Share this:
    বিয়াৰ উখল–মাখল পৰিৱেশ। চলিছে নাচ–গান, খোৱা–লোৱা। ইয়াৰ মাজতে লাগিল অথন্তৰ। সকলোৰে আগত দৰাই কইনাৰ গালত শোধালে চৰ! খঙতে কইনাই ভায়েৰ ডিঙিত পিন্ধালে বৰমালা! ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ কুড্ডালোৰ জিলাৰ পানৰুতিত।

    জানিব পৰা মতে, যুৱতীগৰাকীৰ ঘৰ কুড্ডালোৰ জিলাৰ পানৰুতিত, হ’বলগীয়া স্বামী একে জিলাৰে পেৰিয়াকাট্টুপালায়মৰ বাসিন্দা। বিগত ৬ নৱেম্বৰ এংগেজমেণ্ট হৈছিল তেওঁলোকৰ। ২০ জানুৱাৰীত আছিল বিয়া। স্থানীয় ৰীতি–নীতি অনুসৰি বিয়াৰ আগদিনা আছিল ৰিচেপচন! চলিছিল নাচ–গানৰ আয়োজন। সন্ধিয়া হোৱাৰ লগে লগে ৰঙীন হৈ পৰে পৰিৱেশ। ডিজেৰ গানৰ তালে তালে নাচিলে দৰা–কইনায়ো! উপস্থিত অতিথিসকলে আনন্দ উপভোগ কৰিছে। কিন্তু সেই সময়তে লাগিল পয়মাল। মঞ্চলৈ আহিল কইনাৰ এজন আত্মীয়! তেওঁ দৰা–কইনাৰ কান্ধত হাত ৰাখি আৰম্ভ কৰিলে নাচ! তাতেই খং উঠিল দৰাৰ! তেওঁৰ হ’বলগীয়া পত্নীৰ গাত আন পুৰুষৰ হাত! সহ্য কৰিব নোৱাৰিলে দৰাই, ঢকা মাৰি দিলে কইনা আৰু আত্মীয়জনক।

    কিন্তু ঘটনা ইমানতে শেষ নহ’ল! আৰম্ভহে হ’ল। দৰাপক্ষ আঁকোৰগোজ হৈ বহিল। তেওঁলোকৰ দাবী, সকলোৰে সন্মুখত দৰাই কইনাক এই ‘অপৰাধ’ৰ বাবে চৰ মাৰিব! মাৰিলেও। আৰু তাৰ পিছতে বিয়া ভাঙি দিলে কইনাই। পিতৃ–মাতৃয়েও সংগ দিলে নিজক কন্যাৰ। কিন্তু সেইদিনাই বিয়া হ’ল কইনাৰ। পৰিয়ালৰ সদস্যসকলে এজন সম্পৰ্কীয় ভায়েকৰ সৈতে বিয়া পাতি দিলে কইনাৰ।

    বিয়া ভাঙি যোৱাৰ পিছত পানৰুতিৰ মহিলা থানাত অভিযোগ দাখিল কৰে যুৱকজনে। তেওঁৰ অভিযোগ, হ’বলগীয়া পত্নীক তেওঁ প্ৰশ্ন কৰিছিল, কিয় আনৰ সৈতে নাচিছে, যুৱতীগৰাকীয়ে উত্তৰ দিলে, মোৰ ইচ্ছা। কইনাৰ পৰিয়ালেও তেওঁলোকক নিৰ্যাতন চলোৱাৰ লগতে ভাবুকি দিয়া বুলিও অভিযোগ কৰে পাত্ৰই। ইফালে যুৱতীগৰাকীয়ে স্পষ্টকৈ জনাই দিছে, তেওঁৰ পৰিয়ালে বিয়াৰ বাবে ৭ লাখ টকা খৰচ কৰিছে। সেই টকা ক্ষতিপূৰণ দিব লাগিব।
    Published by:Sanjay Kumar Das
    First published: