ভয়ানক কাণ্ড! কাৰ কেতিয়া কি হয় কোনে জানে! পঞ্জাৱৰ পাটিয়ালা ষ্টেচনৰ ঘটনাই সকলোকে হতবাক কৰি তুলিছে। আন দিনৰ দৰে সেইদিনাও বহুলোকে পুৱা ৰেলখন ধৰিবলৈ অপেক্ষা কৰি আছিল। ৰেলখন ষ্টেচনত উপস্থিত হোৱাৰ পিছতে ষ্টেচনত অপেক্ষা কৰি থকা লোকসকলে খৰখেদাকৈ উঠিবলৈ চেষ্টা কৰে। সেইসময়তে এজন লোকে দৌৰি আহি ৰেলখনত উঠিবলৈ চেষ্টা কৰোতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাতো।
মানুহজনে চলন্ত ৰেলখনত ভৰি দিয়াৰ সময়তে হঠাতে পিছলি পৰে। এজন লোকে সৌভাগ্যক্ৰমে লোকজনৰ হাতখন ধৰে। আৰু লোকজনক ওপৰলৈ উঠাই আনিবলৈ চেষ্টা কৰে। এনেদৰে কিছুদূৰ তেওঁ ৰেলখনত উলমিয়েই গৈ থাকে। এই দৃশ্য দেখা পাই ষ্টেচনৰ কৰ্তব্যৰত হেড কনিষ্টবল ৰঘুবীৰ সিঙে। আৰু লোকজনক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিবলৈ ৰেলখনৰ পিছত দৌৰিবলৈ আৰম্ভ কৰে। পিছত ৰেলৰ চালকক ঘটনাটোৰ বিষয়ে অৱগত কৰাত ৰেলৰ গতি হ্ৰাস কৰে। আৰু লোকজনক সৌভাগ্যক্ৰমে ৰেলখনৰ তলত সোমাই যোৱাৰ পৰা ৰক্ষা কৰে।
ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো ভাইৰেল ভায়ানীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। ৰে'ল আৰক্ষীৰ পৰা বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পাছতো ঘটনাটো কেনেকৈ সংঘটিত হৈছিল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।
এনেদৰে, ৰেলত উঠাৰ সময়ত, বহুতো ঘটনা প্ৰায় সন্মুখলৈ আহে। তাৰ পাছতো মানুহৰ মাজত সজাগতা বৃদ্ধি হোৱা নাই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 24, 2022, 15:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|